ETV Bharat / state

তাৰাবাৰীত ড্ৰাগছসহ সৰবৰাহকাৰী কৰায়ত্ত

author img

By

Published : Jun 9, 2021, 2:24 PM IST

পুনৰ এক অভিযানত এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিলে বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষীয়ে ৷ লগতে ১,২০০ টা নিচাজাতীয় টেবলেট, ২৬টা প্লাষ্টিকৰ খালী কণ্টেইনাৰ, এটা চিৰিঞ্জ জব্দ কৰে আৰক্ষীয়ে ।

drugs padler arrest
তাৰাবাৰীয়ে গ্ৰেপ্তাৰ কৰিলে ড্ৰাগছ সহ এটা সৰবৰাহকাৰীক

বৰপেটা,৯ জুন : বৰপেটা জিলাৰ তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান । পুনৰ তাৰাবাৰী আৰক্ষীৰ জালত বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেটসহ এটা ড্ৰাগছ সৰবৰাহকাৰী । ধৃত ড্ৰাগছ সৰবৰাহকাৰীটো তাৰাবাৰী থানাৰ অন্তৰ্গত বৰভিঠা গাঁৱৰ ছাহাদাত আলী(২৯) বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷

তাৰাবাৰীত ড্ৰাগছসহ সৰবৰাহকাৰী কৰায়ত্ত

তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গোপন সূত্ৰৰ খবৰৰ ভিত্তিত অভিযান চলাই গ্ৰেপ্তাৰ কৰে ছাহাদাত আলীক । ধৃত ছাহাদাত আলীৰ ৰান্ধনীঘৰৰ পৰা ১,২০০ টা নিচাজাতীয় টেবলেট, ২৬টা প্লাষ্টিকৰ খালী কণ্টেইনাৰ, এটা চিৰিঞ্জ জব্দ কৰে আৰক্ষীয়ে ।

drugs padler arrest
তাৰাবাৰীত ড্ৰাগছসহ সৰবৰাহকাৰী কৰায়ত্ত

ধৃত ছাহাদাত আলীৰ বিৰুদ্ধে তাৰাবাৰী আৰক্ষীয়ে ১২২/২১ নম্বৰত গোচৰ আৰু NDPS আইনৰ ১২২(বি) ধাৰাৰ অধীনত নিজাববীয়াকৈ গোচৰ ৰুজু কৰি বুধবাৰে ছাহাদাত আলীক বৰপেটা আদালতলৈ প্ৰেৰণ কৰে বুলি জানিবলৈ দিয়ে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ দাসে ।

লগতে পঢ়ক: কৃষকৰ পৰা 20,000 মেট্ৰিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত ত্ৰিপুৰা চৰকাৰৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.