ETV Bharat / state

তাৰাবাৰী আৰক্ষীৰ জালত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী - তাৰাবাৰী আৰক্ষী

শনিবাৰে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী(Drugs Paddler) প্ৰসেনজিৎ দাসক আটক তাৰাবাৰী আৰক্ষী(Tarabari Police)ৰ ৷ প্ৰসেনজিতৰ বাসগৃহত চলোৱা তালাচীত বৃহৎ পৰিমাণৰ কফ চিৰাপ আৰু নিচাজাতীয় টেবলেট উদ্ধাৰ কৰিছিল আৰক্ষীয়ে ৷ সম্প্ৰতি পলাতক অৱস্থাত ড্ৰাগছ ব্যৱসায়ীজন ৷

drugs paddler arrested
ড্ৰাগছ ব্যৱসায়ী আটক
author img

By

Published : Aug 15, 2021, 11:01 AM IST

বৰপেটা, 15 আগষ্ট : বৰপেটা জিলাৰ তাৰাবাৰী আৰক্ষী(Tarabari Police)ৰ জালত পৰিছে এটা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী(Drugs Paddler) । ধৃত ড্ৰাগছৰ ব্যৱসায়ীটো তাৰাবাৰী থানাৰ অন্তৰ্গত বাটগাঁৱৰ প্ৰসেনজিৎ দাস বুলি জানিব পৰা গৈছে ৷

বিশেষ খবৰৰ ভিত্তিত তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জ্যোতিষ দাসে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত থকাৰ অভিযোগত বহৰিৰ পৰা আটক কৰে প্ৰসেনজিৎ দাসক । উল্লেখ্য যে, বিগত সপ্তাহৰ মঙলবাৰে প্ৰসেনজিৎ দাসৰ বাসগৃহত বৰপেটা আৰু তাৰাবাৰী আৰক্ষীয়ে যুটীয়াভাৱে তালাচী অভিযান চলাই বৃহৎ পৰিমাণৰ কফ চিৰাপ আৰু নিচাজাতীয় টেবলেট জব্দ কৰিছিল ।

লগতে পঢ়ক : ছয়গাঁৱত অপৰাধীৰ ঘাটিত আৰক্ষীৰ হাতোৰা

ইয়াৰ পাচতে আন এক গোপন সূত্ৰৰ ভিত্তিত কুখ্যাত ড্ৰাগছ ব্যৱসায়ীটোৰ বিৰুদ্ধে বৰপেটা সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন দলে আৰু তাৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দাসে যুটীয়াভাৱে চলোৱা অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত 8 লক্ষাধিক টকাৰ নিচাযুক্ত টেবলেট আৰু কফ চিৰাপ জব্দ হয় ৷

আৰক্ষীয়ে চলোৱা অভিযানত মুঠ 2,880 টা কফ চিৰাপৰ বটল আৰু 26,772 টা নিচাজাতীয় টেবলেট জব্দ হয় যদিও ড্ৰাগছ ব্যৱসায়ী প্ৰসেনজিৎ পলাতক অৱস্থাত আছিল ।

লগতে পঢ়ক : বৰমাত বৃহৎ পৰিমাণৰ বিলাতী সুৰা জব্দ

পৰৱৰ্তী সময়ত তাৰাবাৰী থানাত 184/21 নম্বৰত গোচৰ আৰু NDPS আইনৰ ২২(C) ধাৰাত আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিছিল ৷ গোচৰ ৰুজু হোৱাৰ পাচত তদন্ত চলাই অৱশেষত শনিবাৰে কুখ্যাত ড্ৰাগছ ব্যৱসায়ী প্ৰসেনজিৎ দাসক আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : নগাঁও আৰক্ষীৰ জালত মাৰণাস্ত্ৰসহ চাৰি কুখ্যাত ডকাইত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.