ETV Bharat / state

Child abuse case: কিশোৰীক যৌন আতিশয্য চিকিৎসকৰ, গ্ৰেপ্তাৰ অভিযুক্ত

author img

By

Published : Jan 10, 2023, 2:06 PM IST

বৰপেটাত ১৩ বছৰীয়া এগৰাকী কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপিত হৈছে চিকিৎসকৰ বিৰুদ্ধে (Allegations of child abuse against doctor)। অভিযুক্ত চিকিৎসক ছহিদুল ইছলামক গ্ৰেপ্তাৰ আৰক্ষীৰ । চিকিৎসকৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ ।

Child abuse case
কিশোৰীক যৌন আতিশয্য চিকিৎসকৰ
কিশোৰীক যৌন আতিশয্য চিকিৎসকৰ

বৰপেটা,১০ জানুৱাৰী : ৰাজ্যৰ স্বাস্থ্যখণ্ডক পুনৰ লজ্জানত কৰিলে এগৰাকী চিকিৎসকে । বৰপেটা জিলাৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে এইবাৰ শিশু নিৰ্যাতনৰ অভিযোগ উঠিছে (Allegation against Barpeta Doctor)। ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে অভিযুক্ত চিকিৎসকগৰাকীক (Doctor arrested on child abuse charges)। অভিযুক্তৰ মতে তেওঁৰ ওপৰত মিছা অভিযোগ জাপি দিয়া হৈছে ।

উল্লেখ্য যে চিকিৎসকসকলক সমাজত এক বিশেষ স্থান দিয়া হয় । তেওঁলোকক ভগৱান বুলিও জ্ঞান কৰে ৰোগী তথা সাধাৰণ ৰাইজে । কিন্তু সেইসকল চিকিৎসকৰে একাংশই দুৰ্নীতি লগতে বিভিন্ন ধৰণৰ অপকৰ্মত লিপ্ত হৈ সমগ্ৰ চিকিৎসক সমাজক লজ্জানত কৰে । তেনেদৰেই এইবাৰ বৰপেটা জিলাত এগৰাকী চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হৈছে । এটি শিশুক যৌন আতিশয্য চলোৱাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে চিকিৎসকৰ বিৰুদ্ধে (Allegations of child abuse against doctor)।

প'ক্সো আইনৰ অধীনত ইতিমধ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে ছহিদুল ইছলাম নামৰ চিকিৎসকগৰাকী (Doctor arrested at Barpeta)৷ হাউলীৰ নিজা বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে চিকিৎসক ডাঃ ছহিদুল ইছলামক ৷ জানিব পৰা মতে ডাঃ ছহিদুল ইছলাম মাণিকপুৰ হাস্পতালৰ চিকিৎসক ৷

আৰক্ষী সূত্ৰই জনোৱা মতে এগৰাকী ১৩ বছৰীয়া কিশোৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ উত্থাপন হৈছে চিকিৎসকগৰাকীৰ বিৰুদ্ধে ৷ বৰপেটাৰ জ্যোতি গাঁৱৰ এগৰাকী মহিলাৰ এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডাঃ ছহিদুল ইছলামক ৷ অৱশ্যে চিকিৎসকগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ সম্পূৰ্ণ মিছা বুলি দাবী কৰিছে ৷

ভূমি সংক্ৰান্তীয় বিবাদক লৈ তেওঁৰ বিৰুদ্ধে এনেদৰে মিছা অপবাদ দি তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ কৰিছে চিকিৎসকগৰাকীয়ে ৷ অৱশ্যে তেওঁৰ এই অভিযোগ কিমান সঁচা সেয়া আৰক্ষীৰ সঠিক তদন্তৰ পাছতহে জানিব পৰা যাব । ইফালে বৰপেটা আৰক্ষীয়ে চিকিৎসকগৰাকীক মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাৰ পাছতে আদালতে অভিযুক্ত চিকিৎসকগৰাকীক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷

অৱশ্যে সমগ্ৰ ঘটনাই এতিয়া বৰপেটাত ৰহস্যৰ সৃষ্টি কৰিছে । চিকিৎসকগৰাকীৰ বিৰুদ্ধে থকা অভিযোগৰ ভিত্তিত ইতিমধ্যে বৰপেটা আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে । কিন্তু এই ঘটনাই বিভিন্নজনৰ মনত অসন্তুষ্টিৰ সৃষ্টি কৰিছে । এগৰাকী চিকিৎসক এনেধৰণৰ অপকৰ্ম লিপ্ত হোৱাক লৈ বহুতে উদ্বেগ প্ৰকাশ কৰাও দেখা গৈছে ।

লগতে পঢ়ক :Sexual harassment case : 60 উৰ্ধৰ ব্যক্তিৰ কামনাৰ বলি হৈ অন্তঃসত্বা হ’ল বিশেষভাৱে সক্ষম যুৱতী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.