ETV Bharat / state

District Day celebrated in Barpeta: বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱস উদযাপন

author img

By

Published : Jul 1, 2023, 3:28 PM IST

Updated : Jul 1, 2023, 3:57 PM IST

৪০ সংখ্যক বৰপেটা জিলা দিৱস । জিলা প্ৰশাসনৰ উদ্যোগত উদযাপন বৰপেটা জিলা দিৱস । আজিৰ দিনটোতে ৪০ বছৰ পূৰ্বে গঠন হৈছিল বৰপেটা জিলা । বৰপেটা জিলা দিৱস উপলক্ষে পুৱাতেই জিলা প্ৰশাসনে বৰপেটা সত্ৰত শৰাই আগবঢ়াই সেৱা লয় আশীষ কামনা কৰে ।

District Day celebrated by District Administration of Barpeta
বৰপেটা জিলা প্ৰশাসনৰ উদ্যোগত জিলা দিৱস উদযাপন

বৰপেটা,১ জুলাই: ৪০ টা বৰ্ষ অতিক্ৰম বৰপেটা জিলাই । আজিৰ দিনটোতে ৪০ বছৰ পূৰ্বে গঠন হৈছিল বৰপেটা জিলা । ১৯৮৩ চনৰ পহিলা জুলাইৰ এই দিনটোত জিলা হোৱাৰ পূৰ্বে বৰপেটা আছিল সেই সময়ৰ কামৰূপ জিলাৰ মহকুমা । যোৱা বৰ্ষৰ পৰা ৰাজ্যৰ জিলাসমূহৰ প্ৰতিষ্ঠা দিৱস বিশেষভাৱে পালনৰ উদ্যোগ গ্ৰহণ কৰা হয় ।

২০২২ বৰ্ষত প্ৰলয়ংকৰী বানৰ ফলত বৰপেটা জিলা দিৱস বিশেষভাৱে পালন কৰা নহ'ল । এইবাৰো নিৰ্দ্দিষ্ট কাৰ্যসূচীৰেহে দিৱসটো পালন কৰা হ'ব বুলি জানিবলৈ দিয়ে জিলা প্ৰশাসনে । ইয়াৰে অংশ হিচাপে প্ৰতিষ্ঠা দিৱস উপলক্ষে ১ জুলাই অৰ্থাৎ আজিৰ দিনটোত জিলা প্ৰশাসনে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত শৰাই আগবঢ়াই সেৱা লয় । জিলা প্ৰশাসনৰ অধিকাংশ বিষয়াই এই কাৰ্যসূচীত উপস্থিত থাকে ।

বৰপেটা জিলাৰ অতিৰিক্ত আয়ুক্ত লখিমী দত্তই কয় যে এইবাৰো বানৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখই সংকুচিত ৰূপতহে জিলা দিৱসৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে । শুকুৰবাৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জিলা দিৱস পালনৰ কাৰ্যসূচী উদ্বোধন কৰে । শনিবাৰে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত বৰপেটাৰ ইতিহাস আৰু সংস্কৃতি বিষয়ক এক আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে ।

সন্ধিয়ালৈ স্থানীয় ৰংঘৰ সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা এখন নাটক মঞ্চস্থ কৰা হ'ব বুলি জানিবলৈ দিয়ে অতিৰিক্ত আয়ুক্তগৰাকীয়ে । ইফালে বৰপেটা সত্ৰত আজি প্ৰশাসনৰ লগতে বৰপেটা জিলা বিজেপিয়েও সেৱা লোৱা পৰিলক্ষিত হয় । জিলা বিজেপিৰ সভাপতি অনিল কুমাৰ দাসে এই সন্দৰ্ভত কয় যে, জিলা প্ৰশাসনে ঐতিহ্যমণ্ডিত সত্ৰখনত সেৱা লৈ প্ৰতিষ্ঠা দিৱস পালন কৰা কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিবলৈ পাই যথেষ্ট আনন্দিত হৈছে ।

বৰপেটা জিলাখনে আগন্তুক দিনত অসমৰ ভিতৰতে অন্যতম এখন আগশাৰীৰ জিলা হিচাপে গঢ় লৈ উঠিব বুলিও দাসে আশা প্ৰকাশ কৰে । প্ৰশাসনৰ উদ্যোগত বৰপেটা সত্ৰত বৃক্ষৰোপন কাৰ্যসূচীও ৰূপায়ণ কৰা হয় । জিলা দিৱস উপলক্ষে সমগ্ৰ বৰপেটা জিলাতে বিৰাজ কৰিছে এক আনন্দময় পৰিৱেশ ।

লগতে পঢ়ক: Assam Constituency delimitation : পাপৰ ফল ভুগিছে বিধায়ক প্ৰদীপ হাজৰিকাই !

Last Updated : Jul 1, 2023, 3:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.