ETV Bharat / state

পশুধনৰ খাদ্যক লৈ সংকটত বানাক্ৰান্ত - জনীয়া সমষ্টি

পশুধনৰ খাদ্যক লৈ সংকটত ভূগিছে জনীয়া সমষ্টিৰ বন্যাৰ্ত ৷ বানপানীৰ ফলত খেৰ পচি যোৱাত কলপাত আৰু বিভিন্ন গছৰ পাত খোৱাই জীয়াই ৰাখিছে পশুধনক ৷

পশুধনৰ খাদ্যক লৈ সংকটত বানাক্ৰান্ত
author img

By

Published : Jul 21, 2019, 4:21 PM IST

জনীয়া, ২১ জুলাই : জনীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত বানপানীৰ ভয়াবহতা কিছু পৰিমাণে কমিছে যদিও বৰ্তমানলৈকে আশ্ৰয় শিবিৰতে দিন কটাবলগীয়া হৈছে বন্যাৰ্ত সকলে ৷ ইয়াৰোপৰি, এই বানাক্ৰান্ত সকলে পশুধনক লৈ গভীৰ সংকটত পৰিছে ৷ এই লোকসকলৰ গৰু - ম'হৰ বাবে গোটাই ৰখা খেৰ পানীত উঠি যোৱাৰ লগতে বহুসংখ্যক খেৰ পচিও গৈছে ৷ সম্প্ৰতি কলপাত আৰু বিভিন্ন গছৰ পাত খোৱাই জীয়াই ৰখা হৈছে পশুধনক ।

পশুধনৰ খাদ্যক লৈ সংকটত বানাক্ৰান্ত

চৰকাৰৰ ফালৰ পৰা অলপ পৰিমাণে চাউল - দাইলৰ সাহাৰ্য লাভ কৰিছে যদিও পশুধনৰ বাবে পোৱা নাই প্ৰাপ্ত সাহাৰ্য । মানুহৰ পৰিৱৰ্তে পশুধনক জীয়াই ৰাখিবৰ বাবে পশু খাদ্য যোগান ধৰিবলৈ চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাইছে পশুধনৰ গৰাকী সকলে ৷

Intro:slug: as_jania_21jul_pohu_khadyo_honkot_vis2+byt3_spl_pkg_story_asc10058

জনীয়া, ২১ জুলাই: পশু ধনক লৈ সংকটত পৰিছে বানাক্ৰান্তই। কিন্তু পোৱা নাই পৰ্য্যাপ্ত সাহাৰ্য্য। কলপাত নাইবা গছৰ পাত খোৱাই জীয়াই ৰাখিছে পশুধন।Body:slug: as_jania_21jul_pohu_khadyo_honkot_vis2+byt3_spl_pkg_story_asc10058

জনীয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন এলেকাত বানপানীৰ ভয়াবহতা কিছু পৰিমাণে কমিছে যদিও বৰ্তমানলৈকে শিবিৰত আশ্ৰয় গ্ৰহণ কৰা বণ্যাক্ৰান্তই নিজ নিজ ঘৰলৈ উভতি যোৱাৰ পৰিবেশ হৈ উঠা নাই। অন্যহাতে বণ্যাক্ৰান্তই নিজৰ নিজৰ পশু ধনক লৈ গভীৰ সংকটত পৰা পৰিলক্ষিত হৈছে। বহুতৰেই গৰু-ম'হৰ কাৰণে গোটাই ৰখা খেৰ পানীত উটি যোৱাৰ লগতে পচিও গৈছে। সম্প্ৰতি কলপাতৰ লগতে বিভিন্ন গছৰ পাত খোৱাই যেনে তেনে জীয়াই ৰাখিছে পশুধন। চৰকাৰৰ ফালৰ পৰা মানুহে অলপ পৰিমাণে হ'লেও চাউল-দালি আদি সাহাৰ্য্য নোপোৱা নহয়। কিন্তু পশুধনৰ বাবে পোৱা নাই পৰ্যাপ্ত সাহাৰ্য্য। গোহালিত পানী পথাৰত নাই ঘাঁহ তেনে অৱস্থাত বিপদত ঠাই নধৰা হৈছে গৃহস্থৰ। গৃহস্থ ৰাইজে চৰকাৰৰ পৰা মানুহৰ কাৰণে সাহাৰ্য্য দিয়াৰ পৰিৱৰ্তে পশুধন জীয়াই ৰাখিবলৈ পৰ্যাপ্ত পৰিমাণে পশু খাদ্য যোগান ধৰিবলৈ চৰকাৰৰ ওচৰত কাতৰ আহ্বান জনাইছে।Conclusion:slug: as_jania_21jul_pohu_khadyo_honkot_vis2+byt3_spl_pkg_story_asc10058

বাইট: বানাক্ৰান্ত ৰাইজ।

জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.