জনীয়া, 11 মাৰ্চ : ৰাজ্যত আকৌ প্ৰতিবাদ (Protest in Assam) ৷ ত্ৰিপুৰাৰ অশান্ত পৰিৱেশৰ বাবে এইবাৰ জ্বলিছে কলগাছিয়া । বৰপেটা জিলাৰ কলগাছিয়া চাৰিআলি চকত ৰূপসী ব্লক কংগ্ৰেছৰ উদ্যোগত শনিবাৰে বিয়লি বিজেপি নেতা অমিত শ্বাহ আৰু মানিক সাহাৰ পুত্তলিকা দাহ কৰি বিজেপিৰ গুণ্ডাগিৰিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা হয় (Amit Shah and Manik Saha's Effigy Burned at Kalgachia) ৷
কেৱল কংগ্ৰেছীয়ে নহয়, শনিবাৰে বৰপেটা জিলাৰ কলগাছিয়া পাটবজাৰ চিপিআইএমৰ কলগাছিয়া আঞ্চলিক সমিতিৰ উদ্যোগত ৰূপায়ন কৰা হয় বিক্ষোভ কাৰ্যসূচী (CPI(M) workers protest at Kalgachia)। এই প্ৰতিবাদী কাৰ্যসূচীতে প্ৰতিবাদকাৰীসকলে ত্ৰিপুৰাৰ বিজেপি চৰকাৰৰ বৰ্বৰতাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।
লগতে পঢ়ক : Old Kaliabhomora Bridge Closed : পুৰণি কলীয়াভোমোৰা দলঙেৰে যাতায়াত ৪ মাহে বন্ধ
উল্লেখ্য যে, ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ পিচত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ বুজ ল’বলৈ শুকুৰবাৰে বিৰোধী দলৰ সাংসদীয় প্ৰতিনিধি হিচাপে ত্ৰিপুৰাত উপস্থিত হয় বৰপেটাৰ সাংসদ আব্দুল খালেক (MP Abdul Khalek) । সাংসদ আব্দুল খালেকে বিভিন্ন অঞ্চলৰ ক্ষতিগ্ৰস্ত ব্যক্তিৰ লগত মত বিনিময় কৰি থকাৰ মাজতে বিয়লি প্ৰায় 6:30 বজাত বিজেপি দলৰ গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ প্ৰতিনিধি দলৰ ওপৰত শিলাবর্ষণ কৰাৰ এক অভিযোগ উত্থাপন হৈছিল ৷
লগতে আক্ৰমণকাৰীয়ে ভাঙি পেলাইছিল সাংসদ আব্দুল খালেকৰ লগত যোৱা কংগ্ৰেছী সদস্যৰ গাড়ীসমূহ । এই ঘটনাৰ পাচতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷
ত্ৰিপুৰা চৰকাৰে যদি 2 জন সাংসদ আৰু 3 জন বিধায়ক থকা দল এটাক নিৰাপত্তা প্ৰদান কৰিব নোৱাৰে, তেন্তে ত্ৰিপুৰাৰ সাধাৰণ জনতাক কেনেকৈ নিৰাপত্তা দিব বুলিও শনিবাৰে বৰপেটাৰ কলগাছিয়াত কংগ্ৰেছী আৰু চিপিআইএমৰ কৰ্মীসকলে প্ৰশ্ন উত্থাপন কৰে ।
লগতে পঢ়ক : Protest in Manipur for encroaching tribal lands : 144 ধাৰা ওফৰাই মণিপুৰত জনজাতীয় ভূমি ৰক্ষাৰ বাবে প্ৰতিবাদ