জনীয়া, ১১ ছেপ্টেম্বৰ : ৰাজ্যত চলি আছে ক'ভিড প্ৰতিষেধক (Covid Vaccine) প্ৰদান কাৰ্যসূচী । কিন্তু এতিয়াও বহু লোকে বিভিন্ন কাৰণত গ্ৰহণ কৰিব পৰা নাই প্ৰতিষেধক । যাৰ বাবে বিভিন্ন জিলা প্ৰশাসন তথা স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে কেইবাটাও পদক্ষেপ ।
সকলো লোকেই যাতে প্ৰতিষেধক লাভ কৰিব পাৰে তাৰ বাবে বৰপেটা জিলাত স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । বৰপেটা জিলাৰ কলগাছিয়াত শনিবাৰৰ পৰা গাঁৱে গাঁৱে প্ৰদান কৰা হ'ব প্ৰতিষেধক । প্ৰতিষেধক কেন্দ্ৰবোৰত অত্যাধিক ভিৰৰ বাবে গাঁৱে গাঁৱে গৈ স্বাস্থ্য বিভাগৰ লোকে প্ৰদান কৰিব প্ৰতিষেধক ।

কলগাছিয়া খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত ৩৩ টাকৈ প্ৰতিষেধক প্ৰদান কেন্দ্ৰ (Vaccination centre) আছে যদিও তাৰে ৩১ টাকৈ কেন্দ্ৰৰ অধীনৰ এলেকাত শনিবাৰৰ পৰা গাঁৱে গাঁৱে গৈ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী আৰম্ভ হ'ব ।
উল্লেখ্য যে, স্বাস্থ্য খণ্ডটোৰ অন্তৰ্গত ১৮ বছৰৰ ওপৰৰ মুঠ ১ লাখ ৮০ হাজাৰ লোক আছে যদিও ইয়াৰে ইতিমধ্যে ১ লাখ ১৮ হাজাৰ লোকক ক'ভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে । কিন্তু প্ৰতিষেধক প্ৰদান কেন্দ্ৰত অত্যাধিক ভিৰ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি আৰু শীঘ্ৰে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া (Vaccination drive) সম্পন্ন কৰাৰ উদ্দেশ্যে বৰপেটা জিলা উপায়ুক্তৰ নিৰ্দেশ মৰ্মে এই কাৰ্যসূচী আৰম্ভ কৰা হৈছে । ইফালে অহা ২০ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰৰ ভিতৰত প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সম্পন্ন কৰিব বুলি জানিবলৈ দিয়ে মহকুমা স্বাস্থ্য বিষয়া ডা০ নাজিৰুল ইছলামে ।