জনীয়া,২৪ জুলাই : প্ৰেমে নামানে বয়স সীমা, নামানে কোনো জাতি-কূল, সংসাৰ কিম্বা সমাজৰ বাধা । প্ৰেম হেনো অন্ধ । কিন্তু তেনেকৈ ক’লেইতো সমাজ নচলে । এখন সংসাৰ তথা সন্তান থকাৰ পাচতো অন্ধ প্ৰেমৰ বান্ধোনত বান্ধ খালে সমাজে জানো সহজে মানিব (Extramarital affairs in Kalgachia)। কোনো সময়ত সোমাবলগীয়া হ'ব পাৰে ৰঙাঘৰটো । সেয়ে বাছি চলা ভাল ।
কিন্তু সেই অন্ধ প্ৰেমতে হাবু ডাবু খাই এখন সংসাৰ থকাৰ পাছতো আন এখন সংসাৰ গঢ়িবলৈ ওলাইছিল সতি-সন্তান থকা এহাল প্ৰেমিক-প্ৰেমিকা । পৰকীয়া প্ৰেম কৰি পৰিল ৰাইজৰ ৰোষত । প্ৰেমিক যুগল হ'লগৈ ৰঙাঘৰৰ আলহী । ঘটনাৰ স্থান কলগাছিয়াৰ হালধীয়া গাঁও ।
দুৰ্দান্ত প্ৰেমিক তথা এটি সন্তানৰ পিতৃ মনিৰুদ্দিনৰ চাৰি চকুৰ মিলন ঘটিছিল বাউলী প্ৰেমিকা তথা এটি সন্তানৰ মাতৃ কহিনুৰ খাতুনৰ লগত । চিনেমাৰ এখন মেলাত লগ পোৱাৰ পৰা কথা পালেগৈ ফোন নম্বৰ সালসলনিলৈ । লাহে লাহে গভীৰ হ'ল প্ৰেম । ফোনত কথা নাপাতিলে থাকিব নোৱাৰাৰ পৰা একেলগে সংসাৰ গঢ়াৰ পৰিকল্পনালৈ বাঢ়ি আহিল প্ৰেমৰ সাগৰ ।
কিন্তু চিনেমাৰ দৰেই মনিৰুদ্দিন-কহিনুৰৰ প্ৰেমত যাত্ৰাত হেঙাৰ হৈ থিয় দিলে কহিনুৰৰ স্বামী আতিকুৰে । বাধা পালে গভীৰ হয় হেনো প্ৰেম । মনিৰুদ্দিন-কহিনুৰৰ প্ৰেমো হ'ল সুদৃঢ় । বুজাবুজি এৰাধৰাৰ মাজেৰে ওলাই আহিল দুয়ো সংসাৰ কৰিবলৈ । কিন্তু এয়াটো আৰু চিনেমা নহয়, সেইবাবে সফল নহ'ল এই যাত্ৰা । স্থানীয় ৰাইজৰ সহযোগত আটক কৰিলে পৰকীয়া প্ৰেমৰ অন্য এক নাম মনিৰুদ্দিন-কহিনুৰক । আৰক্ষীয়ে নি ৰঙাঘৰৰ আলহী কৰিলে প্ৰেমিক যুগলক (Police arrest lover in Kalgaasia) ।
লগতে পঢ়ক: Child Drama Workshop: পুৰণিগুদামত কেন্দ্ৰীয় শিশু নাট কৰ্মশালাৰ সফল সামৰণি