ETV Bharat / state

বৰপেটাত শিশু খাদ্য বিতৰণত অনিয়মৰ অভিযোগ - বৰপেটা জিলা

বৰপেটা জিলাৰ অংগনবাদী কেন্দ্ৰৰ খাদ্য বিতৰণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ জিলাখনৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পত এই দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ লক্​ ডাউনৰ সুযোগ গ্ৰহণেৰে অংগনবাদী কেন্দ্ৰৰ দায়িত্বত থকা কৰ্মীয়ে খাদ্য বিতৰণৰ মাজতে চলাই গৈছে এই দুৰ্নীতি ৷

corruption on food relief of anganwadi centre jania barpeta assam etv bharat news
শিশু খাদ্য বিতৰণত অনিয়ম
author img

By

Published : May 9, 2020, 2:13 PM IST

জনিয়া,9 মে’ঃ ৰাজ্যত সংঘটিত ভিন্ন দুৰ্নীতিৰ বাতৰিয়ে বিগত কিছুদিনৰ পৰা খবৰৰ শিৰোনাম দখল কৰা দেখা গৈছে ৷ বৰপেটা জিলাতো অংগনবাদী কেন্দ্ৰৰ খাদ্য বিতৰণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ জিলাখনৰ মন্দিয়া সংহত শিশু উন্নয়ন প্ৰকল্পত সংঘটিত হৈছে এই দুৰ্নীতি ৷ ঘটনাৰ বিৱৰণী অনুসৰি, চিকাটাৰী গাঁৱৰ ২৬৯ নং চিকাটাৰী গাওঁ এণ্ড পথাৰ অংগনবাদী কেন্দ্ৰৰ কৰ্মী লাইলন নেহাৰে লক্​ ডাউনৰ সুযোগ গ্ৰহণেৰে শিশুসকলৰ মাজত খাদ্য সামগ্ৰী কমকৈ বিতৰণ কৰাত ক্ষুদ্ধ হৈ পৰে স্থানীয় ৰাইজ ৷

উল্লেখ্য যে, কেন্দ্ৰটোৰ পঞ্জীয়নকৃত 88 টা শিশু, 14 গৰাকী গৰ্ভৱতী মহিলা আৰু 18 গৰাকী প্ৰসূতিৰ বাবে প্ৰায় 8 কুইণ্টল চাউল অহাৰ বিপৰীতে 4 কুইণ্টল চাউল আৰু মাত্ৰ 1 কুইণ্টল মটৰ অহাৰ কথা প্ৰকাশ কৰে কৰ্মী গৰাকীয়ে ৷ তদুপৰি সামগ্ৰীসমূহ বিতৰণত প্ৰতিগৰাকীৰ ভাগত ৩ কিল’গ্ৰাম চাউল পৰিব লাগে যদিও কৰ্মী নেহাৰে শিশুসকলৰ মাজত প্ৰায় 2 কিল’গ্ৰাম চাউলৰ লগতে 500 গ্ৰাম মটৰ বিতৰণ কৰে ৷ ৰাইজে এই সামগ্ৰী বিতৰণৰ বিসংগতি ধৰা পেলোৱাৰ লগতে কৰ্মীগৰাকীৰ কাণ্ডত ক্ষুব্ধ হৈ পৰে ৷

শিশু খাদ্য বিতৰণত অনিয়ম

আনহাতে, বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদৰ নিৰ্দেশ অনুসৰি কৰ্মীগৰাকীয়ে কোনো বাচনি নকৰাকৈ একাংশ লোকক সামৰি নিয়ম বহিৰ্ভূতভাৱে এক কমিটি গঠন কৰে ৷ উক্ত কমিটিয়ে কেতিয়াও কোনোধৰণৰ হিচাপ দাখিল নকৰা বুলি স্থানীয় ৰাইজে অভিযোগ কৰাৰ লগতে বিষয়টো তদন্ত কৰি বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷

লগতে চাওকঃ ত্ৰিপুৰাত 118লৈ বৃদ্ধি পালে কৰ'ণাত আক্ৰান্তৰ সংখ্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.