ETV Bharat / state

কলগাছিয়াৰ আমগুৰিত এমজিএনৰেগাৰ পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ - এমজিএনৰেগা

কলগাছিয়াৰ আমগুৰিত এমজিএনৰেগা (MGNREGA)ৰ পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ । নিৰ্মাণৰ এমাহ পিছতেই বৰষুণৰ পানীত জহি খহি গ’ল পথ । ঠিকাদাৰে পথটো অৰ্ধ নিৰ্মিত কৰি গুচি যোৱাত ব্যাহত হৈ পৰিছে যাতায়ত ।

corruption-alleged-in-construction-of-mgnrega-road-at-amguri-kalgasia
কলগাছিয়াৰ আমগুৰিত MGNREGA পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jun 25, 2021, 12:12 PM IST

জনীয়া, 25 জুন : ৰাজ্যত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হোৱা ঘটনা নতুন নহয় ৷ ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত হৈ অহাৰ অভিযোগ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ লগতে ইয়াৰ বিৰুদ্ধে ৰাইজে সময়ে সময়ে প্ৰতিবাদ কৰাও দেখিবলৈ পোৱা যায় ৷ এইবাৰ তেনে এক ঘটনা সংঘটিত হৈছে কলগাছিয়াৰ আমগুৰিত ৷

কলগাছিয়াস্থিত ৰূপসী উন্নয়ন খণ্ডৰ অন্তৰ্গত আমগুৰি গাঁৱত এটি জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে ৰাইজক । উল্লেখযোগ্য যে, চলিত বৰ্ষত এমজিএনৰেগা (MGNREGA) আঁচনিৰ দহ লাখ টকা ব্যায় সাপেক্ষে কলগাছিয়া গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য গিয়াচ উদ্দিনে আমগুৰিৰ নয়ন খানৰ ঘৰৰ পৰা বিলৰ পাৰলৈ যোৱা এই পথটো নিৰ্মাণ কৰিছিল ৷ কিন্তু এজাক বৰষুণতে এই সম্পূৰ্ণ পথটো জহি খহি যোৱাত জমৰ যাতনা ভূগিব লগা হৈছে ৰাইজে ।

কলগাছিয়াৰ আমগুৰিত MGNREGA পথ নিৰ্মাণত দুৰ্নীতিৰ অভিযোগ

পথটো বালি মাটিৰে নিৰ্মাণ কৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰি সিংহ ভাগ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত হৈছে গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্যগৰাকীৰ বিৰুদ্ধে । লগতে গিয়াচ উদ্দিনে ৰাস্তাটো অৰ্ধ নিৰ্মিত অৱস্থাতে এৰি যোৱাৰ বাবে পানী গচকি টুলুঙা নাঁৱেৰে ৰাস্তা পাৰ হ’ব লগা হৈছে ৰাইজে । আনহাতে, এজন লোকে পথৰ মাজত বেৰ দিয়াৰ লগতে ভঙা কালভাৰ্ট মেৰামতি নকৰাৰ ফলত ব্যাহত হৈ পৰিছে যাতায়ত ব্যৱস্থা ।

সম্প্ৰতি গাঁওখনলৈ এম্বুলেঞ্চ, অগ্নিনিৰ্বাপক বাহিনীৰ বাহনকে ধৰি কোনো বাহন চলাচল কৰিব নোৱাৰাত দুৰ্ভোগ ভূগিব লগা হৈছে ৰাইজে । শীঘ্ৰে পথটোৰ নিৰ্মানত হোৱা দুৰ্নীতিৰ তদন্ত কৰি যাতায়তৰ সুবিধা কৰি দিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক : etv bharat ৰ বাতৰিৰ প্ৰভাৱ: ৰাজহুৱা শ্মশান নিৰ্মাণ সন্দৰ্ভত তৎপৰ কৰ্তৃপক্ষ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.