ETV Bharat / state

চৰকাৰৰ আৰোগ্য নিধিলৈ বৰঙণি প্ৰদান ব্যাসকুছি ভট্টদেৱ মিলন সমিতিৰ - আৰোগ্য নিধি

কৰ’ণা ভাইৰাছ প্ৰতিহত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰখা অসম চৰকাৰৰ আৰোগ্য নিধিলৈ ব্যাসকুছি ভট্টদেৱ মিলন সমিতি নামৰ অনুষ্ঠানটোৱে আৰ্থিক সাহায্য আগবঢ়ায় ৷ সেই অনুসৰি সংস্থাটোৱে ১,১১,১১১ টকাৰ বৰঙণি আগবঢ়ায় চৰকাৰৰ আৰোগ্য পুঁজিলৈ ৷

donates to assam care
আৰোগ্য নিধিলৈ বৰঙণি প্ৰদান
author img

By

Published : Mar 31, 2020, 9:35 PM IST

বৰপেটা,৩১ মাৰ্চঃ কৰ’ণা ভাইৰাছ প্ৰতিহত কৰাৰ বাবে অসম চৰকাৰে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে ৷ এইক্ষেত্ৰত অসম চৰকাৰক কিঞ্চিত আৰ্থিক সাহায্য প্ৰদানৰ বাবে বৰপেটা জিলাৰ ভট্টদেৱ প্ৰতিষ্ঠিত ব্যাসকুছি সত্ৰই উপযুক্ত পদক্ষেপ গ্ৰহণ কৰে ৷ সেই অনুসৰি সত্ৰখনে পৰিচালনা কৰা ব্যাসকুছি ভট্টদেৱ মিলন সমিতি নামৰ অনুষ্ঠানটোৱে আৰোগ্য নিধিলৈ ১,১১,১১১ টকাৰ বৰঙণি আগবঢ়ায় ৷ অনুষ্ঠানটোৰ হৈ সভাপতি খঞ্জন ডেকা আৰু সম্পাদক শংকৰ বৈশ্যই ইউনিয়ন বেংক অৱ ইণ্ডিয়াৰ ব্যাসকুছি শাখাত এই ধন জমাৰে অসম আৰোগ্য নিধিলৈ অনুদান আগবঢ়ায় ৷

আৰোগ্য নিধিলৈ বৰঙণি প্ৰদান ব্যাসকুছি ভট্টদেৱ মিলন সমিতিৰ

লগতে চাওকঃ অসমত প্ৰথমগৰাকী কৰ'ণা আক্ৰান্ত ব্যক্তি চিনাক্ত : হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.