ETV Bharat / state

জনীয়াত প্ৰাৰ্থীত্বৰ দাবীৰে কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ - Congress workers protest at Jania

দেওবাৰে সন্ধিয়া কলগাছিয়া চাৰিআলি চক'ত শ-শ কংগ্ৰেছী সমৰ্থকে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে সমদল উলিয়াই কংগ্ৰেছ জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, ৰিপুন বৰা জিন্দাবাদ, জিতেন্দ্ৰ সিং জিন্দাবাদ আদি শ্লোগানেৰে কলগাছিয়াৰ আকাশ বতাহ উত্তাল কৰি তোলে ৷

congress-workers-protest-at-jania
জনীয়াত প্ৰাৰ্থীত্বৰ দাবীৰে কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ
author img

By

Published : Mar 7, 2021, 10:58 PM IST

জনীয়া,7 মাৰ্চ: বৰপেটাৰ জনীয়া বিধানসভা সমষ্টিটোত কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থী দিয়াৰ দাবীত কংগ্ৰেছ কৰ্মীৰ তীব্ৰ প্ৰতিবাদ ৷ দেওবাৰে সন্ধিয়া কলগাছিয়া চাৰিআলি চক'ত শ-শ কংগ্ৰেছী সমৰ্থকে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷ প্ৰতিবাদকাৰী সকলে সমদল উলিয়াই কংগ্ৰেছ জিন্দাবাদ, ৰাহুল গান্ধী জিন্দাবাদ, ৰিপুন বৰা জিন্দাবাদ, জিতেন্দ্ৰ সিং জিন্দাবাদ,আব্দুল খালেক জিন্দাবাদ, জনীয়াত আমাৰ কংগ্ৰেছ প্ৰাৰ্থী লাগিবই আদি শ্লোগানেৰে কলগাছিয়াৰ আকাশ বতাহ উত্তাল কৰি তোলে ৷ উল্লেখ্য যে,জনীয়াত কংগ্ৰেছৰ চাৰিটা জিলা পৰিষদ, 18 টা পঞ্চায়তৰ সভাপতি আছে আৰু কংগ্ৰেছৰ ভেটি অতি মজবুত বুলি দাবী কৰি কংগ্ৰেছৰ বিজয় নিশ্চিত বুলি দাবী কৰে প্ৰতিবাদকাৰী সকলে ৷

জনীয়াত প্ৰাৰ্থীত্বৰ দাবীৰে কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ

আনহাতে প্ৰতিবাদকাৰী সকলে প্ৰশ্ন উত্থাপন কৰে যে, ছেঙা ,সৰুক্ষেত্ৰী আদি সমষ্টিত যদি বন্ধুত্ব পুৰ্ণ প্ৰতিদন্দিতা হ'ব পাৰে তেন্তে জনীয়াত কিয় বন্ধুত্ব পূৰ্ণ প্ৰতিদন্দিতা হ'ব নোৱাৰে ? উল্লেখনীয় যে,জনীয়া সমষ্টিত কেনে ধৰণৰ প্ৰতিদন্দিতা হ'ব সেইয়া মহাঁজোটৰ পৰা আনুষ্ঠানিক ভাৱে ঘোষণা কৰা হোৱা নাই যদিও বিভিন্ন সামাজিক মাধ্যমৰ খবৰৰ ভিত্তিত এইদৰে ক্ষোভত ফাটি পৰিছে জনীয়াৰ এইসকল কংগ্ৰেছী সমৰ্থকে ৷

লগতে পঢ়কঃ হাফলঙত কংগ্ৰেছক সমৰ্থন জনালে এএছডিচিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.