বৰপেটাৰোড, 8 এপ্ৰিল: বৰপেটাৰ সাংসদ আব্দুল খালেক এগৰাকী দক্ষ তথা বলিষ্ঠ সাংসদ ৷ ৰাজ্যখনৰ উন্নয়নৰ স্বাৰ্থত সংসদৰ ভিতৰে বাহিৰে বলিষ্ঠ কণ্ঠেৰে সততে মাত মাতি অসমবাসীৰ লগতে সমগ্ৰ ভাৰতবাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ বৰপেটা সদৰ সমষ্টিৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক সংঘাতৰ ফলত একাংশ লোকে বৰপেটাৰ সাংসদ আব্দুল খালেকে “অমুছলমান” শব্দৰ প্ৰয়োগ কৰাৰ যি অভিযোগ উত্থাপন কৰিছে ৷ সেই অভিযোগ দৃঢ়তাৰে অস্বীকাৰ কৰিছে বৰপেটাৰ বৰপেটাৰোড আৰু গোৱৰ্ধনা ব্লক কংগ্ৰেছে ৷ বৰপেটাৰোড ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ সাহা আৰু গোৱৰ্ধনা ব্লক কংগ্ৰেছৰ সভাপতি ফাৰুক আব্দুল্লাই বৃহস্পতিবাৰে বৰপেটাৰোডৰ ৰাজীৱ ভৱনত সাংবাদিকক এই মন্তব্য কৰি কয় একাংশ দুষ্ট চক্ৰই অপপ্ৰচাৰত লিপ্ত হৈ এনেধৰণৰ মন্তব্য কৰিছে ৷
ইপিনে সাংসদ আব্দুল খালেকৰ বিৰুদ্ধে সস্তীয়া আৰু ভিত্তিহীন অভিযোগ উত্থাপন কৰি সাংসদ গৰাকীৰ ভাৱমূৰ্ত্তি ম্লান কৰা কৰা লোক সকলক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰাত দলৰ শীৰ্ষ নেতৃত্বক আদৰণি জনাইছে বৰপেটাৰোড আৰু গোৱৰ্ধনা ব্লক কংগ্ৰেছে ৷ একেদৰে বৰপেটাৰ ৰাজীৱ ভৱনৰ দুৱাৰখন বন্ধ কৰি দিয়া সকলক বেয়া মানুহ বুলি অবিহিত কৰি সাংসদ আব্দুল খালেকে “অমুছলমান” শব্দ প্ৰয়োগ কৰাৰ সেই ভিজুৱেল চক্ৰটোক ৰাজহুৱা কৰিবলৈ আহ্বান জনাইছে বৰপেটাৰোড ব্লক কংগ্ৰেছৰ সভাপতি প্ৰদীপ সাহাই ৷
লগতে পঢ়কঃ ৰিক্সা চালকৰ ঘৰত অমিত শ্বাহৰ আহাৰ গ্ৰহণ