জনীয়া,22 জানুৱাৰী: অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে অতিষ্ঠ কৰি তুলিছে সৰ্বসাধাৰণক ৷ বিভিন্ন সময়ত দল সংগঠনে প্ৰতিবাদ কৰি আহিছে যদিও কোনো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ শুকুৰবাৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰণয়ন কৰা তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে বৰপেটাৰ কলগাছিয়াত ব্লক কংগ্ৰেছ কমিটিয়ে ৰূপায়ন কৰে প্ৰতিবাদী কাৰ্যসূচী ৷ বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে চাইকেল ৰেলী উলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ কৰ্মী সকলে ৷
উল্লেখ্য যে,আলু-পিয়াজ,মিঠাতেল,ডিজেল-পেট্ৰল,ৰড-চিমেন্ট আদি কৰি বিভিন্ন নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে চাইকেল ৰেলী উলিয়াই কলগাছিয়া চক্ৰ বিষয়াৰ কাৰ্যালয়ত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছ কৰ্মীসকলে ৷ যদিহে চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে তেন্তে আগন্তুক বিধানসভা নিৰ্বাচনলৈকে জংগী আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক : প্ৰতিবাদস্থলীলৈ যোৱা শিক্ষক বাধা প্ৰদান কলগাছিয়া আৰক্ষীৰ