ETV Bharat / state

Congress Protest in Barpeta:মুখ্যমন্ত্ৰীক জিন্নাৰ সৈতে তুলনা কংগ্ৰেছ সাংসদৰ - মন্ত্ৰী ৰঞ্জিত দাস

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ প্ৰতিবাদ ৷ বৰপেটা জিলা কংগ্ৰেছৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীয়ে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে ৷ মুখ্যমন্ত্ৰীক ‘মহস্মদ আলী জিন্নাৰ’ সৈতে তুলনা সাংসদ আব্দুল খালেকৰ ৷

Congress Protest in Barpeta
মুখ্যমন্ত্ৰীক মহস্মদ আলী জিন্নাৰ সৈতে তুলনা কংগ্ৰেছ সাংসদৰ
author img

By

Published : Jun 30, 2023, 7:55 PM IST

মুখ্যমন্ত্ৰীক জিন্নাৰ সৈতে তুলনা কংগ্ৰেছ সাংসদৰ

বৰপেটা,30 জুন: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ প্ৰতিবাদ ৷ বৰপেটা জিলা কংগ্ৰেছৰ নেতৃত্বত কংগ্ৰেছ কৰ্মীয়ে অৱস্থান ধৰ্মঘট ৰূপায়ন কৰে ৷ সাংসদ আব্দুল খালেক, বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰপেটা সমষ্টিৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ নেতৃত্বত কংগ্ৰেছ দলৰ কৰ্মীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৷ নিৰ্বাচন আয়োগ হায় হায়, বিজেপি চৰকাৰ মুৰ্দাবাদ ধ্বনিৰে উত্তাল হৈ পৰে প্ৰতিবাদস্থলী ৷

প্ৰতিবাদত অংশগ্ৰহণ কৰি সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জিন্নাৰ সৈতে তুলনা কৰে ৷ ‘‘মহস্মদ আলী জিন্না জীয়াই থকা হ’লে নিৰ্বাচন আয়োগে প্ৰকাশ কৰা খচৰাক আদৰণি জনালেহেতেন ৷ মহস্মদ জিন্নাই হিন্দু-মুছলমানৰ মাজত বিভাজনকামী ৰাজনীতি কৰিছিল ৷ মহস্মদ আলী জিন্নাৰ আত্মা হয়তো মুখ্যমন্ত্ৰীৰ গাত সোমাই গৈছে ৷ ’’ এইদৰে মুখ্যমন্ত্ৰীক কঠোৰ সমালোচনা কৰে সাংসদ গৰাকীয়ে ৷

নিৰ্বাচন আয়োগৰ খচৰা কোনো কাৰণত মানি লোৱা নহ’ব বুলি মন্তব্য কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে ৷ আনহাতে মন্ত্ৰী ৰঞ্জিত দাসক টাৰ্গেট কৰি বিধায়ক শিকদাৰে কয় ‘‘ মন্ত্ৰী ৰঞ্জিত দাসৰ দৰে বৰপেটাৰ এজন সন্তান কোনো বৰপেটাবাসীয়ে নিবিচাৰে ৷ নিজৰ জিলাখনৰ দুটা সমষ্টি কৰ্তনৰ পাচতো খচৰাখন সমৰ্থন জনোৱাৰ কাৰণ কেৱল ক্ষমতা ৷’’

প্ৰস্তাৱিত খচৰাত বৰপেটা জিলাৰ 2 টা সমষ্টি বিলুপ্ত কৰা কাৰ্যৰ বিৰোধিতা কৰি জিলাখনত পূৰ্বৰ দৰেই ৮ টা সমষ্টি লাগিবই, অন্যথা যিকোনো পৰ্যায়ত আন্দোলনৰ হুংকাৰ প্ৰদান কৰে বিধায়ক জাকিৰ হুছেইন শিকদাৰে ৷ ইফালে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক টোগলকী কাণ্ড আখ্যা বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদৰ ৷

লগতে পঢ়ক:CM in Tezpur: সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰাক লৈ কোনো বিজেপি বিধায়কৰ আপত্তি নাই; মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.