ETV Bharat / state

উত্তৰ প্ৰদেশৰ লখিমপুৰ কাণ্ডৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত প্ৰতিবাদী কৃষকৰ ওপৰত গাড়ী চলাই ৫ জনকৈ কৃষকক হত্যা কৰা ঘটনাক লৈ এতিয়া উত্তাল সমগ্ৰ দেশ ৷ ঘটনাৰ মূল অভিযুক্ত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰক গ্ৰেপ্তাৰৰ দাবীত মঙলবাৰে বৰপেটা প্ৰতিবাদ জিলা কংগ্ৰেছৰ ৷

উত্তৰ প্ৰদেশৰ লক্ষিমপুৰ কাণ্ডৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Oct 5, 2021, 4:40 PM IST

বৰপেটা, 5 অক্টোবৰ : উত্তৰ প্ৰদেশৰ লখিমপুৰ জিলাৰ খেৰীত প্ৰতিবাদী কৃষকৰ ওপৰত গাড়ী চলাই ৫ জনকৈ কৃষকক হত্যা কৰা ঘটনাক লৈ এতিয়া সমগ্ৰ দেশ উত্তাল হৈ আছে ৷ তাৰমাজতেই ঘটনাৰ মূল অভিযুক্ত কেন্দ্ৰীয় ৰাজ্যিক গৃহমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰক গ্ৰেপ্তাৰৰ দাবীত মঙলবাৰে বৰপেটা জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে বৰপেটা জিলা কংগ্ৰেছ ৷

উত্তৰ প্ৰদেশৰ লক্ষিমপুৰ কাণ্ডৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ
উত্তৰ প্ৰদেশৰ লক্ষিমপুৰ কাণ্ডৰ বিৰুদ্ধে বৰপেটাত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেক আৰু সৰুক্ষেত্ৰীৰ বিধায়ক তথা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, বৰপেটাৰ বিধায়ক ৰহিম আহমেদৰ নেতৃত্বত বৰপেটা জিলা কংগ্ৰেছে ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰি কৃষকক হত্যা কৰা কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰীৰ পুত্ৰক গ্ৰেপ্তাৰৰ দাবী জনায় ৷

আনহাতে, প্ৰতিবাদকাৰী কৃষক সকলৰ সমৰ্থনত যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক উত্তৰ প্ৰদেশ চৰকাৰে কৰা গ্ৰেপ্তাৰৰ প্ৰতিবাদ জনোৱাৰ লগতে কংগ্ৰেছ নেত্ৰীগৰাকীৰ মুক্তিৰো দাবী তোলে প্ৰতিবাদকাৰীয়ে ৷ বৰপেটা জিলা কংগ্ৰেছে আনকি উত্তৰ প্ৰদেশৰ বিৰোধী নেতা অখিলেশ যাদৱসহ আন বিৰোধী দলৰ নেতা সকলক আটক কৰাৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৷

ইপিনে বিৰোধী ৰাজনৈতিক দলসমূহে ক্ষমতাত বহিলেই কংগ্ৰেছ নেতাসকলক গ্ৰেপ্তাৰ কৰাৰ পৰম্পৰা চলি অহা বুলি মন্তব্য কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷ পূৰ্বে জনতা চৰকাৰৰ দিনত ইন্দিৰা গান্ধীক কৰা গ্ৰেপ্তাৰৰ সৈতে প্ৰিয়ংকা গান্ধীৰ গ্ৰেপ্তাৰৰ তুলনা কৰি এয়া ২০২৪ চনত কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ অহাৰ আগজাননী বুলি উল্লেখ কৰে সাংসদগৰাকীয়ে ৷

উল্লেখযোগ্য যে, বৰপেটা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচীৰ নেতৃত্ব লোৱা প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, সাংসদ আব্দুল খালেক, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খানসহ কংগ্ৰেছ নেতাকৰ্মী সকলক আটক কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক : ৰাজ্যৰ লক্ষাধিক লোক খাদ্য সুৰক্ষা আঁচনিৰ পৰা বঞ্চিত হোৱাৰ উপক্ৰম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.