ETV Bharat / state

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ - বৰপেটা

অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে কংগ্ৰেছে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰী সকলে ৷

congress protests against price hike in barpeta District
মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ
author img

By

Published : Jul 14, 2021, 10:22 PM IST

বৰপেটা, ১৪ জুলাই : মূল্যবৃদ্ধিৰ বিৰুদ্ধে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ (AICC) নিৰ্দেশ মৰ্মে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে (APCC) প্ৰতিখন জিলা সমিতিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ আহ্বান জনাইছিল ৷ এই আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যৰ লগতে বৰপেটা জিলাৰ চেঙাটো মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে ৷ চেঙা সমষ্টিৰ (Chenga Constituency) চেঙা আৰু গোমাফুলবাৰী ব্লক কংগ্ৰেছে যৌথভাৱে বহৰিত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । বৰপেটাৰ বহৰি পেট্ৰ’ল পাম্পৰ কাষতে শতাধিক কংগ্ৰেছ নেতা-কৰ্মীয়ে চৰকাৰ তথা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দি পৰিৱেশ উত্তাল কৰি তোলে ৷

মূল্যবৃদ্ধিৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীত চেঙা সমষ্টিৰ কংগ্ৰেছ দলৰ তত্বাৱধায়ক হাবিল খান, চেঙা আৰু গোমাফুলবাৰী ব্লক কংগ্ৰেছৰ সভাপতি ক্ৰমে লালমামুদ আলী আহমদ, মজিবৰ ৰহমানৰ লগতে কংগ্ৰেছ দলৰ নেতা-কৰ্মী সকলে অংশগ্ৰহণ কৰে ৷ অতি শীঘ্ৰে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ লগতে নিত্য ব্যৱহাৰ্য সামগ্ৰীসমূহৰ মূল্য হ্ৰাস কৰাৰ দাবী জনায় প্ৰতিবাদকাৰী সকলে । মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কংগ্ৰেছে প্ৰতিবাদ অব্যাহত ৰাখিছে । নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ লগতে পেট্ৰ'ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক । মূল্যবৃদ্ধি ৰোধ কৰাৰ আশ্বাস প্ৰদান কৰি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনে মূল্যবৃদ্ধি নিয়ন্ত্ৰণত সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে ।

মূল্যবৃদ্ধি প্ৰতিৰোধৰ দাবীত প্ৰতিদিনে বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিজেপি চৰকাৰ খনে কোনো গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে ।

চেঙাৰ সমান্তৰালকৈ নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নিৰ্দেশ আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আহ্বানমৰ্মে বৰপেটা জিলাৰ সৰভোগতো অত্যাৱশ্যকীয় সামগ্ৰী তথা পেট্ৰ'লজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ সদস্য সকলে ৷ বৰপেটাৰ সৰভোগৰ B.R পেট্ৰ'ল পাম্পৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰতিবাদকাৰী সকলে ৷

পেট্ৰ'ল-ডিজেল-ৰন্ধন গেছকে ধৰি নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি চৰকাৰখনক তীব্ৰ কটাক্ষ কৰে প্ৰতিবাদকাৰী সকলে ৷ অতি শীঘ্ৰে মূল্যবৃদ্ধি প্ৰতিৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে অন্যথা জংগী আন্দোলন গঢ়ি তুলিব হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক-Encounter সন্দৰ্ভত মানৱ অধিকাৰ আয়োগৰ তদন্ত বিচাৰিলে আনন্দ মিশ্ৰই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.