বৰপেটা, 30 মাৰ্চ : সৰুক্ষেত্ৰী সমষ্টিত দেখা গৈছে ব্যাপক পট পৰিৱৰ্তন ৷ এগৰাকীৰ পাছত আন গৰাকী কংগ্ৰেছ নেতাই ত্যাগ কৰিছে বিধায়ক জাকিৰ হুছেইনৰ সংগ ৷ কংগ্ৰেছ ত্যাগ কৰি এ আই ইউ ডি এফত যোগদান কৰিছে কেইবাগৰাকীও কংগ্ৰেছ নেতাই ৷ মঙলবাৰে এ আই ইউ ডি এফৰ মীনাক্ষী ৰহমানৰ হাত শক্তিশালী কৰি কংগ্ৰেছৰ দক্ষিণ পশ্চিম বেতবাৰী গাঁও পঞ্চায়তৰ সভাপতি চিৰাজুদ্দিন আহমেদে যোগদান কৰে এ আই ইউ ডি এফ দলত ৷
ইফালে গাঁও পঞ্চায়তৰ নিৰ্বাচিত সভাপতিগৰাকীৰ সৈতে এগৰাকী উপ সভাপতি আৰু আন 7 গৰাকী ৱাৰ্ড সদস্যয়ো যোগদান কৰে এ আই ইউ ডি এফত ৷ইয়াৰ পূৰ্বেও মেহেৰ আলী, মুছাৰফ দেৱান আৰু মতলেব আলী নামৰ আন 3 গৰাকী পঞ্চায়ত সভাপতিয়ে কংগ্ৰেছ ত্যাগ কৰি এ আই ইউ ডি এফত যোগদান কৰে ৷ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ কাৰ্যকলাপত অতিষ্ঠ হৈয়েই কংগ্ৰেছ ত্যাগ কৰি এ আই ইউ ডি এফত যোগদান কৰে কংগ্ৰেছৰ নিৰ্বাচিত জনপ্ৰতিনিধি কেইগৰাকীয়ে ৷ অচিৰেই আৰু কেইবাগৰাকীও কংগ্ৰেছ নেতাই এ আই ইউ ডি এফত যোগদান কৰিব বুলি জানিবলৈ দিয়ে মীনাক্ষী ৰহমানে ৷
যোগদান সমাৰোহত অংশগ্ৰহণ কৰি এ আই ইউ ডি এফৰ বৰপেটা জিলা সমিতিৰ সম্পাদক আশ্ৰাফুল মামুনে সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰক উদ্ধাৰৰ বাবে প্ৰিয়ংকা গান্ধীয়ে সৰুক্ষেত্ৰীত প্ৰচাৰ চলাবলৈ আহিব বুলি ওলোৱা প্ৰচাৰক কটাক্ষ কৰে এ আই ইউ ডি এফে ৷ প্ৰিয়ংকা বা ৰাহুল গান্ধী আহিলেও জাকিৰক উদ্ধাৰ কৰিব নোৱাৰে বুলি মন্তব্য কৰে দলীয় নেতাই ৷
লগতে পঢ়ক : ফাকুৱাৰ দুটাকৈ দিনত ৰাজ্যত 279 টাকৈ পথ দুৰ্ঘটনা