বৰপেটা, ১৭ জানুৱাৰী : মাঘ বিহুৰ নামত বৰপেটাৰ মেধিৰট্টাৰীত অনুষ্ঠিত হোৱা অৰ্ধনগ্ন নৃত্য পৰিবেশনক লৈ ৰাজ্য অব্যাহত আছে প্ৰতিক্ৰিয়াৰ ৷ এইবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জনীয়া সমষ্টিৰ কংগ্ৰেছ নেতা তথা জিলা পৰিষদৰ সদস্য হাবিবুল্লাই ৷ তেওঁ সাংবাদিকক সম্বোধন কৰি কয়, বিহুৰ নামত অৰ্ধনগ্ন নৃত্যৰ অনুষ্ঠানৰ জৰিয়তে আয়োজক সকলে অপসংস্কৃতি বিয়পাইছে ৷
এই ঘটনাৰ বাবে আয়োজক সমিতিয়ে সদৌ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিবলৈ দাবী জনাইছে জিলা পৰিষদৰ সদস্যগৰাকীয়ে ৷ উল্লেখ্য যে, দেওবাৰে বৰপেটাত সাংবাদিকৰ আগত জিলা পৰিষদৰ সদস্যগৰাকীয়ে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে এই সমগ্ৰ ঘটনাৰ লগত স্থানীয় বিজেপি নেতা জড়িত থকা বুলিও দাবী কৰে ৷
লগতে পঢ়ক : কলিয়াবৰত বিজ্ঞান কেন্দ্ৰ আৰু তাৰকা গৃহৰ আধাৰশিলা স্থাপন