ETV Bharat / state

বিজেপি-বিপিএফৰ বাকযুদ্ধ ৰাইজক বিভ্ৰান্ত কৰাৰ চক্ৰান্তঃ ৰাজীৱ হক - BTC election 2020

সোমবাৰে বাক্সাৰ মথনগুৰি সমষ্টিৰ অন্তৰ্গত ঘোঁৰামৰাত কংগ্ৰেছ- এ আই ইউ ডি এউ দলে অনুষ্ঠিত কৰে কৰ্মী সভা ৷ সমষ্টিটোৰ পৰা মিত্ৰজোচট প্ৰাৰ্থী ফৰহাদ আলীৰ নিৰ্বাচনী পৰিচালনা সমিতি গঠন কৰা হয় ৷

as_bar_aiudf_cong_eletion_campaign_vis_10030
বিজেপি-বিপিএফৰ বাকযুদ্ধ ৰাইজক বিভ্ৰান্ত কৰাৰ চক্ৰান্তঃ ৰাজীৱ হক
author img

By

Published : Nov 23, 2020, 1:04 PM IST

বৰপেটাৰোড, 23 নৱেম্বৰঃ বিটিচি নিৰ্বাচনৰ দিন ঘোষণা ৷ তুংগত নিৰ্বাচনী প্ৰচাৰ অভিযান ৷ এফালে যদি বিজেপি-বিপিএফৰ বাকযুদ্ধ আনফালে ইউ পি পি এলৰ পৰিৱৰ্তনৰ শ্ল’গান ৷ পিছ পৰি থকা নাই কংগ্ৰেছ-এ আই ইউ ডি এফ মিত্ৰজোঁট ৷ বাক্সাৰ মথনগুৰি সমষ্টিৰ অন্তৰ্গত ঘোঁৰামৰাত কংগ্ৰেছ- এ আই ইউ ডি এফ সমৰ্থিত প্ৰাৰ্থী ফৰহাদ আলীৰ হৈ কৰ্মী সভাতেই বজালে ৰণডংকা ৷ সভাত উপস্থিত থাকে আব্দুছ ছামাদ আহমেদ,ধীৰাজ দেউৰী,ৰাজীৱ হক,অনুৰুপা হান্নান,বৰপেটা জিলা এ আই ইউ ডি এফৰ সভাপতি মুফতি শ্বামচুদ্দিন ক্বাছিমী সম্পাদক খন্দকাৰ আশ্ৰাফুল মামনকে ধৰি কেবাজনো নেতা ৷

ফৰহাদ আলীৰ মন্তব্য

এই সভাতেই বিজেপি-বিপিএফৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ- এ আই ইউ ডি এফৰ নেতা কৰ্মীয়ে ৷ বিগত দিনসমূহত বিজেপি আৰু বিপিএফৰ মাজত চলি থকা বাকযুদ্ধৰ পিছতো দিছপুৰত এইপৰ্যন্ত বিপিএফৰ তিনিগৰাকীকৈ নেতা মন্ত্ৰী হৈ আছে ৷ গতিকে এই সকলো ৰাইজক বিভ্ৰান্ত কৰাৰ চক্ৰান্ত হ’ব পাৰে বুলি মন্তব্য কৰে ৰাজীৱ হকে ৷ তেখেতে আৰু কয় যে,কংগ্ৰেছ-এ আই ইউ ডি এফৰ মিত্ৰজোঁট এই সকলো বিতৰ্কৰ পৰা আঁতৰত ৷ তেওঁলোকে কেৱল বিটিচিত বিগত দিনত বিপিএফৰ নেতৃত্বত চলা দুনীৰ্তি নিৰ্মূল কৰি বড়োভূমিৰ উন্নয়নৰ প্ৰতিহে গুৰুত্ব আৰোপ কৰিব ৷

ৰাজীৱ হকৰ মন্তব্য

লগতে পঢ়ক-বাক্যবানঃ ৰঞ্জিত দাস বনাম হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.