ETV Bharat / state

জনীয়া সমষ্টিত পৃথকে-পৃথকে শক্তি প্ৰদৰ্শন কংগ্ৰেছ, বিজেপি, এ আই ইউ ডি এফৰ - আব্দুল খালেক

সমৰ্থকৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হক, বিজেপি নেতা তৌফিক ৰহমান, এআইইউডিএফৰ প্ৰৰ্থী হাফিজ ড0 ৰফিকুল ইছলামে দাখিল কৰে মনোনয়ন ৷ বিপুল ভোটত জয়ী হ’ব বুলি আশাবাদী আটাইকেইগৰাকী প্ৰাৰ্থী ৷

জনীয়াত আৰম্ভ নিৰ্বাচনী ডংকা
author img

By

Published : Sep 30, 2019, 7:16 PM IST

বৰপেটা, ৩০ ছেপ্টেম্বৰঃ জনীয়া সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকে সোমবাৰে মনোনয়ন দাখিল কৰে ৷ বিগত পঞ্চায়ত নিৰ্বাচনত এখন জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা ছামচুল হক বৰ্তমান বৰপেটা জিলা পৰিষদৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে ৷ ছামছুল হকে জনীয়াত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আজি বৰপেটাৰ সাংসদ আব্দুল খালেক, চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদ, পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক আবুল কালাম ৰচিদ আলমসহ কংগ্ৰেছৰ বহু নেতা কৰ্মীৰ সৈতে আহি মনোনয়ন দাখিল কৰে ৷
মনোনয়ন দাখিল কৰি ছামচুল হকে নিজৰ বিজয় 100 শতাংশ বিজয় নিশ্চিত বুলি উল্লেখ কৰে ৷ লোকসভাৰ নিৰ্বাচনত জনীয়া সমষ্টিত আব্দুল খালেকে 96 হাজাৰ ভোট লাভ কৰাৰ প্ৰসংগ উত্থাপন কৰি এইবাৰৰ নিৰ্বাচনত জনীয়াত বিপুল সংখ্যক ভোটত কংগ্ৰেছ বিজয়ী হ’ব বুলি দাবী কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷
ইপিনে কংগ্ৰেছে জনীয়াত দুৰ্বল প্ৰাৰ্থী দিয়া বুলি হোৱা সমালোচনাক নস্যাৎ কৰি এটা ছাত্ৰ সংগঠনক দহ বছৰ ধৰি সভাপতিৰ দায়িত্বত থাকি নেতৃত্ব দিয়া, ৰাজপথত ৰাইজৰ হকে সংগ্ৰামৰ নেতৃত্ব লোৱা লোক এজনক প্ৰাৰ্থিত্ব দিয়াটো দুৰ্বল প্ৰাৰ্থী বুলি নাভাবে বুলি মন্তব্য কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷ আনহাতে টিভিৰ সাংবাদিকৰ আগত সাক্ষাৎকাৰ দিয়াটোকে সবল প্ৰাৰ্থী নেকি বুলিও বিৰোধীক কটাক্ষ কৰে আব্দুল খালেকে ৷

ইফালে, জনীয়া সমষ্টিৰ বিজেপি প্ৰাৰ্থী হিচাপে আজি মনোনয়ন দাখিল কৰিলে বিজেপি নেতা তথা জনপ্ৰিয় অভিনেতা তৌফিক ৰহমান ওৰফে তৌফিকুৰ ৰহমানে ৷ ভ্ৰাম্যমানৰ অভিনেতা হিচাপে সমগ্ৰ ৰাজ্যখনতে জনপ্ৰিয় তৌফিক ৰহমানে আজি মনোনয়ন দাখিলৰ পূৰ্বে সাংবাদিকৰে সৈতে হোৱা কথা বতৰাত তেওৰ মুখত উচ্ছাৰিত হল নাটকীয় সংলাপ ৷ মনোনয়ন দাখিলৰ পূৰ্বে তৌফিক ৰহমানে কলে- আজিৰ পৰা আৰম্ভ হ'ল যুদ্ধ ৷ এই যুদ্ধত আমি জয়ী হম ৷ যুদ্ধ হ‘ব, তামাম যুদ্ধ হ’ব ৷ কিন্তু যুদ্ধত নমাৰ পূৰ্বেই শত্ৰুপক্ষক কটাক্ষ কৰি বিজেপি প্ৰাৰ্থীগৰাকীয়ে শত্ৰুপক্ষ বৰ দুৰ্বল বুলি নিজকে অধিক শক্তিশালী বুলিও দাবী কৰে ৷

জনীয়াত আৰম্ভ নিৰ্বাচনী ডংকা

লগতে, মনোনয়ন দাখিল কৰে এআইইউডিএফৰ প্ৰৰ্থী হাফিজ ড0 ৰফিকুল ইছলামে ৷ কিছুসংখ্যক দলীয় কৰ্মী আৰু জিলাসমিতিৰ বিষয়ববীয়াৰ সৈতে আহি এআইইউডিএফ প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন দাখিল কৰে ৷ জনীয়াৰ ৰাইজৰ আশীৰ্বাদত এইবাৰৰ নিৰ্বাচনত তেও বিজয়ী হব বুলিও আশাপ্ৰকাশ কৰে ৷ ইপিনে, বিজেপিৰ প্ৰাৰ্থী তৌফিকুৰ ৰহমানক চিনি নাপায় বুলি উপলুঙা কৰে এআইইউডিএফৰ প্ৰাৰ্থীগৰাকীয়ে ৷ ৰাজ্য চৰকাৰৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসে বৰপেটাক আহিলে পাকিস্তান পাকিস্তান লাগে বুলি কৰা মন্তব্যৰ জৰিয়তে বৰপেটাৰ মানুহৰ মনত আঘাত দিয়াৰ কথা উল্লেখ কৰে ৰফিকুল ইছলামে ৷

Intro:
বৰপেটা, ৩০ ছেপ্টেম্বৰঃ জনীয়া সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে বৰপেটাত কংগ্ৰেছ প্ৰাৰ্থী থামচুল হকে আজি মনোনয়ন দাখিল কৰে ৷ বিগত পঞ্চায়ত নিৰ্বাচনত হালধীয়া জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হোৱা ছামচুল হক বৰ্তমান বৰপেটা জিলা পৰিষদৰ উপ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ছামছুল হকে জনীয়াত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে আজি বৰপেটাৰ সাংসদ আব্দুল খালেক, চেঙাৰ বিধায়ক শুকুৰ আলী আহমেদ, পূব গোৱালপাৰা সমষ্টিৰ বিধায়ক আবুল কালাম ৰচিদ আলমসহ কংগ্ৰেছৰ বহু নেতা কৰ্মীৰ সৈতে আহি মনোনয়ন দাখিল কৰে ৷ Body:জনীয়াৰ কংগ্ৰেছ প্ৰাৰ্থী ছামচুল হকে নিজৰ বিজয় ১০০ শতাংশ বিজয় নিশ্চিত বুলি দাবী কৰে ৷ লোকসভাৰ নিৰ্বাচনত জনীয়া সমষ্টিত আব্দুল খালেকে ৯৬ হাজাৰ ভোট লাভ কৰাৰ প্ৰসংগ উত্থাপন কৰি এইবাৰৰ নিৰ্বাচনত জনীয়াত বিপুল সংখ্যক ভোটত কংগ্ৰেছ বিজয়ী হব বুলি দাবী কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷
ইপিনে কংগ্ৰেছে জনীয়াত দূৰ্বল প্ৰাৰ্থী দিয়া বুলি হোৱা সমালোচনাক নসাৎ কৰি আমছুৰ দৰে এটা সংগঠনক দহ বছৰ ধৰি সভাপতিৰ দায়িত্বত থাকি নেতৃত্ব দিয়া, ৰাজপথত ৰাইজৰ হকে সংগ্ৰামৰ নেতৃত্ব লোৱা লোক এজনক প্ৰাৰ্থীত্ব দিয়াটো দুৰ্বল প্ৰাৰ্থী বুলি নাভাবে বুলি মন্তব্য কৰে বৰপেটাৰ সাংসদ আব্দুল খালেকে ৷ আনহাতে টিভিৰ সাংবাদিকৰ আগত সাক্ষাৎকাৰ দিয়াটোকে সবল প্ৰাৰ্থী নেকি বুলিও এআইইউডিএফৰ প্ৰাৰ্থী ৰফিকুল ইছলামক কটাক্ষ কৰে আব্দুল খালেকে ৷ আনহাতে আব্দুল খালেকৰ ৰনজিৎ দাসক প্ৰশ্ন- তেও জনীয়ক পাকিস্থান বুলি ভাবিব নে ভাৰত বুলি ভাবিব ৷ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো জনীয়াৰ নিৰ্বাচনৰ প্ৰচাৰলৈ আহিলে হেনো প্ৰশ্ন কৰিব- এতিয়া জনীয়ালৈ আহি ভাল লাগিছেনে বুলি ৷ কাৰণ হিমন্তবিশ্ব শৰ্মীয়ো বৰপেটাক আহিলে ভাল নলগা বুলি প্ৰকাশ কৰিছিল ৷ জনীয়াত এগৰাকী নিকা ভৱমূৰ্তিৰ প্ৰাৰ্থীক কংগ্ৰেছে প্ৰাৰ্থীত্ব দিয়া বুলি প্ৰকাশ কৰি তেওতকৈ অধিক ভোটত ছামচুল হক বিজয়ী হব বুলি প্ৰকাশ কৰে সাংসদ গৰাকীয়ে ৷

Conclusion:বাইটঃ চামচুল হক ৷
বাইটঃ আব্দুল খালেক ৷

--- বাপকন দাস, বৰপেটা ৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.