ETV Bharat / state

বৰপেটাত বিদ্যালয়ৰ মাটি বেদখলক লৈ দুটা পক্ষৰ সংঘৰ্ষ - হাতাহতি

বৰপেটাৰ হাউলীৰ সমীপৰ খন্দকাৰপাৰাত বিদ্যালয়ৰ মাটি বেদখল ৷ লক্ ডাউনৰ সুযোগ গ্ৰহণ কৰি এটা চক্ই খন্দকাৰপাৰা হাইমাদ্ৰাছাৰ মাটি বেদখল কৰি এটা পক্ষই নিৰ্মাণ কৰিছিল দোকান-পোহাৰ ৷ ৰাইজে চলালে উচ্ছেদ ৷

clash between two party
clash between two party
author img

By

Published : Jun 18, 2020, 7:33 PM IST

বৰপেটা, ১৮ জুন : বৰপেটাৰ হাউলীৰ খন্দকাৰপাৰা গাঁৱত বিদ্যালয়ৰ মাটি বেদখলক লৈ উত্তেজনা ৷ লক্ ডাউনৰ সুযোগ গ্ৰহণ কৰি খন্দকাৰপাৰা হাইমাদ্ৰাছাৰ মাটি বেদখল কৰি এটা পক্ষই নিৰ্মাণ কৰিছিল দোকান-পোহাৰ ৷ তাৰপিচতে বৃহস্পতিবাৰে বেদখল উচ্ছেদ অভিযানত নামে স্থানীয় লোক । বিদ্যালয়খনৰ ছাত্র-ছাত্রী আৰু স্থানীয় লোকে দোকান উচ্ছেদৰ সময়তে বেদখলকাৰীসকলে বাধা দিয়াৰ চেষ্টা চলোৱাত দুয়ো পক্ষৰ মাজত হাতাহতিৰ সৃষ্টি হয় ৷ এই হতাহতিৰ ফলত দুয়োপক্ষৰ কেবাজনো লোক আহত হয় ।

বিদ্যালয়ৰ মাটি বেদখলক লৈ দুটা পক্ষৰ সংঘৰ্ষ

ইপিনে বিদ্যালয়খনৰ মাটি বেদখলৰ বিৰুদ্ধে ছাত্র-ছাত্রীয়ে হাতত প্লে'কাৰ্ডলৈ এক প্ৰতিবাদী কাৰ্যসূচীও গ্ৰহণ কৰে । দুয়োপক্ষৰ মাজত সৃষ্টি হোৱা মাৰপিটৰ পিচতে ঘটনাস্থলীত হাউলী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণ কৰে । আনহাতে, আহত লোক কেইজনক হাউলী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । উল্লেখযোগ্য যে গাঁওখনৰ এটা চক্ৰই বিদ্যালয়খনৰ মাটি নিজৰ বুলি দাবী কৰি অহাৰ লগতে লক ডাউনৰ সুযোগ গ্ৰহণ কৰি দোকান-পোহাৰ নিৰ্মাণ কৰি বিদ্যালয়খনৰ সন্মুখভাগ বেদখল কৰিছিল ৷ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় লোকে বৃহস্পতিবাৰে বেদখল উচ্ছেদ কৰি দোকান-পোহাৰ আদি ভাঙি পেলায় ৷ স্থানীয় লোকে জনোৱামতে এই সম্পৰ্কে আনকি আদালততো গোচৰ চলি আছে ৷ এই ঘটনাকলৈ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷

লগতে পঢ়ক : চাপৰৰ ধীৰবিলত এৰি দিয়া হ'ল ৬৪ হেজাৰ ৰৌ, কাতল আৰু ভকুৱা মাছৰ পোনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.