ETV Bharat / state

জনীয়াত সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

author img

By

Published : Apr 26, 2021, 2:10 PM IST

পশ্চিম জনীয়া সমবায় সমিতিৰ অধীনষ্ঠ এখন সুলভ মূল্যৰ দোকানৰ ছামচুল হক নামৰ দোকানীজনৰ বিৰুদ্ধ অভিযোগ উত্থাপন ৷ প্ৰতিগৰাকী গ্ৰাহকক দোকানীয়ে ডেৰ লিটাৰৰ বিপৰীতে এক লিটাৰকৈ কেৰাচিন তেল আৰু চাউল কমকৈ দিয়াৰ অভিযোগ তুলিছে ভুক্তভোগী গ্ৰাহকসকলে ৷

compalint-against-retailer
সুলভ মূল্যৰ দোকানীৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ

জনীয়া,26 এপ্ৰিল: বৰপেটা জিলাৰ পশ্চিম জনীয়া সমবায় সমিতিৰ অধীনষ্ঠ বিএছটি 86/83/70 নং সুলভ মূল্যৰ দোকানখনৰ দোকানীৰ বিৰুদ্ধে উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ । অভিযোগ অনুসৰি, প্ৰতিগৰাকী গ্ৰাহকক দোকানীয়ে ডেৰ লিটাৰৰ বিপৰীতে এক লিটাৰকৈ কেৰাচিন তেল যোগান ধৰিছে । এইক্ষেত্ৰত গ্ৰাহকে আপত্তি কৰিলে গ্ৰাহকক ধমকি দিয়া বুলি মন্তব্য কৰে ভুক্তভোগী গ্ৰাহকে ৷

ইফালে ডিপ’ৰ পৰা অনৈতিকভাৱে জোখতকৈ তেল কম পৰিমাণে দিয়াৰ বাবে গ্ৰাহকৰ পৰা আধা লিটাৰকৈ তেল কাঢ়ি ৰখাৰ স্বীকাৰোক্তি দিয়ে সুলভ মূল্যৰ দোকানী ছামচুল হকে । আনহাতে, দোকানীগৰাকীৰ বিৰুদ্ধে চাউল কমকৈ দিয়াৰো অভিযোগ তোলা হৈছে । সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সময়ত চাউল-তেল কাঢ়ি ৰখাৰ বাবে গ্ৰাহকৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷

লগতে পঢ়ক : পাঠশালাৰ নলীপাৰাত দুৰ্ঘটনাগ্ৰস্ত স্কুল ভান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.