বৰপেটা, 15 মাৰ্চ : দুৱাৰডলিত বৰপেটাৰ প্ৰাণৰ উৎসৱ দৌল মহোৎসৱ ৷ দৌল উৎসৱক লৈ ব্যস্ত হৈ পৰিছে সত্ৰ নগৰী বৰপেটা ৷ দুপৰ নিশাও বৰপেটা সত্ৰৰ দালানত বৰপেটাৰ যুৱকৰ হোলী গীতৰ লহৰত প্ৰান্তৱন্ত হৈ আছে বৰপেটা সত্ৰ (Holi night atmosphere at barpeta satra) ৷ দৌল মহোৎসৱ বুলি ক’লেই এক অনামী পুলকত নাচি উঠে বৰপেটাবাসীৰ দেহ, মন-প্ৰাণ ৷
উল্লেখ্য যে, বৰপেটা সত্ৰত ১৬ মাৰ্চৰ পৰা চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব বিখ্যাত দৌল মহোৎসৱ ৷ সত্ৰীয়া পৰম্পৰা অনুসৰি বৰপেটা সত্ৰত ১৬ মাৰ্চত বহ্নুৎসৱ, ১৭ আৰু ১৮ মাৰ্চত ভৰদৌল আৰু ১৯ মাৰ্চত পালন কৰা হ’ব সুঁৱেৰী বা ফাকুৱা ৷ যাৰ বাবে ইতিমধ্যে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে বৰপেটা সত্ৰত (Holi Preparation at Barpeta satra) ৷
এক প্ৰকাৰে ক’ব পাৰি যে, দৌল মহোৎসৱক লৈ এতিয়া গাত তত নাই বৰপেটাবাসীৰ ৷
যিমানেই দৌল মহোৎসৱৰ দিন কাষ চাপি আহিছে, সিমানেই হোলীগীতৰ উতলা সুৰৰ পৰাণে পাগল কৰি তুলিছে বৰপেটাবাসীক ৷ বৰপেটাৰ প্ৰতিখন হাটীৰ যুৱকসকলে কৰ্মৰ পৰা উভতি আহি নিশা দুপৰলৈকে হোলীগীত গাই উন্মনা হৈ পৰিছে কৃষ্ণপ্ৰেমত ৷
লগতে পঢ়ক : Holi Preparation at Samaguri Satra : ফল্গু উৎসৱক লৈ উখল-মাখল পৰিৱেশ চামগুৰি সত্ৰত