ETV Bharat / state

বৰপেটাত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ

author img

By

Published : Feb 1, 2021, 2:31 PM IST

সোমবাৰে বৰপেটাত জিলা ছাত্ৰসন্থাৰ কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ । নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,অত্যাচাৰী বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে উত্তাল পৰিৱেশ ।

বৰপেটাত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ
বৰপেটাত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ

বৰপেটা, ১ ফেব্ৰুৱাৰী: সোমবাৰে বৰপেটাত আঞ্চলিক ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে প্ৰতিবাদকাৰীসকলে । নাগৰিকত্ব সংশোধনী আইন বাতিল কৰক,অত্যাচাৰী বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।

উল্লেখ্য যে,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণক লৈ জাতিধ্বংসী আইন 'কা'ৰ বিৰুদ্ধে ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰা হয় । তাৰ সমান্তৰালকৈ তেজপুৰ আৰু শুৱালকুছিতো দেওবাৰে গণতান্ত্ৰিকভাৱে জোঁৰ সমদল কাৰ্যসূচী গ্ৰহণ কৰে প্ৰতিবাদকাৰীসকলে । কিন্তু এই প্ৰতিবাদকাৰীসকলক গৃহ বিভাগৰ দায়িত্বত থকা সোণোৱাল চৰকাৰৰ আৰক্ষীয়ে আছু কৰ্মীসকলক আক্ৰমণ চলায় । তাৰ প্ৰতিবাদত সোমবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৰপেটাত আঞ্চলিক ছাত্ৰ সন্থাই মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে।

লগতে পঢ়ক: ছয় জনগোষ্ঠীৰ জনজাতিকৰণঃ সংসদৰ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্তই নহ'ল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.