ETV Bharat / state

ক’লাতংকৰ মাজতে হাউলীত উপস্থিত মুখ্যমন্ত্ৰী - ৰূপালী জয়ন্তী

হাউলী শঙ্কৰদেৱ শিশু নিকেতনৰ 25 বছৰৰ পৰিপ্ৰেক্ষিতত অনুষ্ঠিত কৰা হৈছে ৰূপালী জয়ন্তী ৷ শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তীত দেওবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷

হাউলী
হাউলীত উপস্থিত মুখ্যমন্ত্ৰী
author img

By

Published : Jan 19, 2020, 8:01 PM IST

বৰপেটা,১৯ জানুৱাৰীঃ বৰপেটাৰ হাউলীত অৱস্থিত শঙ্কৰদেৱ শিশু নিকেতন বিদ্যালয়খনে গৌৰৱোজ্বল ২৫ টা বৰ্ষ অতিক্ৰম কৰিছে ৷ ২৫ বছৰীয়া এই গৌৰৱময় যাত্ৰাক সুঁৱৰি নিকেতনখনে অনুষ্ঠিত কৰিছে ৰূপালী জয়ন্তীৰ ৷ শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা ৰূপালী জয়ন্তীত দেওবাৰে অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সোমবাৰে অনুষ্ঠিত হ’বলগীয়া মুকলি সভাত অংশগ্ৰহণৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ এদিন পূৰ্বে উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰে । মুখ্যমন্ত্রীৰ আগমনকলৈ ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা হাতত লৈছে বৰপেটা জিলা প্ৰশাসনে ৷ মুখ্যমন্ত্রী গৰাকীৰ আগমনৰ প্ৰাকক্ষণত হাউলী চহৰৰ চৌদিশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে আৰক্ষী প্ৰশাসনে ।

শঙ্কৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী

ইপিনে মুখ্যমন্ত্ৰীৰ আগমনৰ সমান্তৰালকৈ প্ৰশাসনক খেদি ফুৰিছে ক’লাতংকই ৷ মুখ্যমন্ত্ৰীয়ে অংশ লোৱা নিকেতনখনৰ ৰূপালী জয়ন্তীৰ সভালৈ অহা পুৰুষ, মহিলা, শিশু আদিয়ে পৰিধান কৰা ক’লা ৰঙৰ পোচাকসমুহ খুলিবলৈ বাধ্য কৰায় আৰক্ষীয়ে ৷ মুকলি সভাখনৰ প্ৰৱেশপথত আৰক্ষীয়ে সভালৈ অহা লোকসকলৰ ক'লা পোচাকসমুহ খুলিহে ভিতৰলৈ প্ৰৱেশ কৰিবলৈ অনুমতি প্ৰদান কৰে ৷

ক’লাতংকৰ মাজতে হাউলীত মুখ্যমন্ত্ৰী

ইপিনে মুখ্যমন্ত্ৰী সোণোৱালে অনুষ্ঠানত অংশ লৈ ভাষণ প্ৰসংগত কয়, মাটি-ভেঁটি সুৰক্ষিত নহলে কৃষ্টি-সংস্কৃতি ৰক্ষা নপৰে ৷ আজিকোপতি অসমৰ চাৰি লাখ খিলঞ্জীয়াৰ ভূমি পট্টা নাই ৷ লগতে বিশ্বৰ বুকুত অসমক পৰিচিত কৰাৰ কথা ভাষণত উল্লেখ কৰে সোণোৱালে ৷ শিক্ষাৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয়, অসমৰ শিক্ষা জগতত আমূল পৰিৱৰ্তন সাধন কৰাৰ প্ৰয়োজন আছে ৷ বিগত গুণোৎসৱত চাৰে তিনি লাখ ভূৱা ছাত্ৰ-ছাত্ৰী চিনাক্ত কৰা হৈছিল ৷ অসমৰ শিক্ষানুষ্ঠান সমূহত প্ৰত্যাহ্বান আছে ৷ এই প্ৰত্যাহ্বান সকলোৱে অতিক্ৰম কৰিব লাগিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ কা বিৰোধী আন্দোলনৰ প্ৰসংগত মুখ্যমন্ত্ৰীয়ে গণতান্ত্ৰিক আন্দোলনক শ্ৰদ্ধা কৰা বুলি প্ৰকাশ কৰে ৷

লগতে চাওকঃ২০২৪ অলিম্পিকত ভাৰতবৰ্ষৰ বাবে ৰণকৌশল

Intro:

বৰপেটা, ১৯ জানুৱাৰীঃ বৰপেটাৰ হাউলীত অৱস্থিত হাউলী শঙ্কৰদেৱ শিশু নিকেতনখনে গৌৰৱোজ্বল ২৫ বৰ্ষ অতিক্ৰম কৰিছে ৷ ২৫ বছৰীয়া গৌপৱময় যাত্ৰাক সুৱৰি নিকেতনখনে অনুষ্ঠিত কৰিছে ৰূপালী জয়ন্তী উৎসৱ ৷ শনিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অাৰম্ভ হোৱা ৰূপালী জয়ন্তী উৎসৱত আজি অংশগ্ৰহন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সণোৱাল কাইলৈ অনুষ্ঠিত হবলগীয়া মুকলি সভাত অংশ লোৱাৰ কথা আছিল যদিও বিশেষ কাৰণবশতঃ এদিন পূৰ্বেই ৰূপালী জয়ন্তীৰ অনুষ্ঠানত অংশগ্ৰহন কৰে ।
Body:ইপিনে মুখ্যমন্ত্রীৰ আগমনকলৈ ব্যাপক নিৰাপত্তামূলক ব্যৱস্থা হাতত লৈছে জিলা প্ৰশাসন । হাউলী চহৰৰ সকলোপিনে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে আৰক্ষী প্ৰশাসনে । ইপিনে মুখ্যমন্ত্ৰীৰ আগমনক লৈ তৎপৰ প্ৰশাসনক খেদি ফুৰিছে কলাতংকই ৷ মুখ্যমন্ত্ৰীয়ে অংশ লবলগীয়া নিকেতনখনৰ ৰূপালী জয়ন্তীৰ মুকলি সভালৈ অহা পুৰুষ, মহিলা, শিশু আদিয়ে পৰিধান কৰা ক'লা ৰঙৰ পোচাকসমুহ খুলিবলৈ বাধ্য কৰায় আৰক্ষীয়ে ৷ মুকলি সভাৰ প্ৰৱেশ পথত আৰক্ষীয়ে সভালৈ অহা লোকসকলৰ ক'লা পোচাকসমুহ খুলিহে ভিতৰলৈ প্ৰৱেশত অনুমতি দিয়ে ৷
Conclusion:
--- বাপকন দাস, বৰপেটা ৷৷
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.