ETV Bharat / state

Clash over Eid prayers in Barpeta: ঈদৰ নামাজক লৈ আহমদীয়-মহম্মদীয় সংঘাত

author img

By

Published : May 3, 2022, 6:54 PM IST

ঈদৰ নামাজক লৈ বৰপেটাত সংঘৰ্ষ ৷ দুই ফৈদৰ সংঘৰ্ষত আহত বহুকেইজন লোক ৷ সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজত অংশ লোৱাক লৈ সূত্ৰপাত হয় এই সংঘাতৰ (Clash over Eid prayers in Barpeta) ৷

Fight over Eid Namaz in Barpeta
বৰপেটাত ঈদৰ নামাজক লৈ আহমদীয়-মহম্মদীয় সংঘাত

বৰপেটা, ৩ মে’: অসমতো আৰম্ভ হ’ল আহমদীয়-মহম্মদীয় সংঘাত ৷ বৰপেটাত ঈদৰ নামাজক (Eid ul fitre 2022) লৈ সূত্ৰপাত হয় এই সংঘাতৰ ৷ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ সমীপৰ যতিগাঁৱত সংঘটিত হৈছে ঈদৰ নামজক লৈ দুই পক্ষৰ মাজত সংঘাত (Clash over Eid prayers in Barpeta) ৷

কিছুসংখ্যক আহমদীয় পন্থী(Ahmadiyya Muslim Community) লোকে সমূহীয়া নামাজৰ পৰিৱৰ্তে কোঠাৰ ভিতৰত নামাজত অংশ লোৱাক লৈ সৃষ্টি হয় সংঘাতৰ ৷ এই সংঘাতত দুইপক্ষৰে কেইবাজনো লোক আহত হয় ৷ মেডিকেল কলেজৰ সমীপৰ ডাঃ টোটা চৌধুৰী এগৰাকী ব্যক্তিৰ ঘৰত ভাড়াতীয়া হিচাপে আছিল যুৱকৰ এটা দল ৷ স্থানীয় লোকৰ অভিযোগ অনুসৰি সমূহীয়া নামাজৰ পৰিৱৰ্তে জনৈক শুকুৰ আলমৰ ঘৰত নামাজত অংশ লোৱা যুৱকৰ এই দলটোক আক্ৰমণ কৰে একাংশ স্থানীয় লোকে ৷

সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজত অংশ লোৱা যুৱক কেইজনে নিজকে আহমদীয় জামাতী মুছলিম বুলি জানিবলৈ দিছে ৷ তেওঁলোকে নিজকে আহমদীয় মুছলমান বুলি চিনাকি দিয়ে ৷ আহমদীয়-মহম্মদীয় দুই পক্ষৰ এই সংঘাতৰ(Ahmadiyya Mohammedan conflict) মাজতে বৰপেটাৰ সদৰ উপ-আৰক্ষী অধীক্ষক সমুদ্ৰ দপ্তৰ বৰুৱা ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ ইতিমধ্যে যুৱকৰ দলটোক নিজৰ জিম্মাত লৈ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ৷

লগতে পঢ়ক: Eid-ul-fitr-2022 : মৰিগাঁৱৰ আঞ্চলিক ঈদগাহ ময়দানত সম্পন্ন ঈদৰ নামাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.