ETV Bharat / state

বৰপেটাত ভাড়াতীয়াৰ ঘৰত উদ্ধাৰ এটি অপহৃত দহ বছৰীয়া শিশু

author img

By

Published : Dec 22, 2020, 10:47 AM IST

বৰপেটাৰ হাউলীত চাঞ্চল্যকৰ ঘটনা । ভাড়াতীয়াৰ দ্বাৰা অপহৃত দহ বছৰীয়া এটি শিশু উদ্ধাৰ ৷ অপহৰণকাৰীৰ কবলৰ পৰা উদ্ধাৰ হোৱা শিশুটোৰ নাম মুজাহিদ হুছেইন । হাউলীৰ লাচিত ৰোডৰ সৰবেশ আলিৰ ঘৰত ভাড়াতীয়া হিচাপে থকা গুলজাৰ আৰু মামনি বেগম নামৰ দম্পতিহালে হাত ভৰি বান্ধি নিজ কোঠাত আবদ্ধ কৰি ৰাখিছিল শিশুটিক ৷

child kidnapper arrested at barpeta
ভাড়াতীয়াৰ ঘৰত উদ্ধাৰ এটি অপহৃত দহ বছৰীয়া শিশু

বৰপেটা, ২২ ডিচেম্বৰ: বৰপেটাৰ হাউলীত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা ৷ এটি দহ বছৰীয়া অপহৃত শিশু উদ্ধাৰ হৈছে ভাড়াতীয়াৰ ঘৰত ৷ তাৰ পাচতে অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ ঘটনা অনুসৰি,হাউলীৰ লাচিত ৰোডৰ সৰবেশ আলিৰ ঘৰত ভাড়াতীয়া হিচাপে আছে গুলজাৰ আৰু মামনি বেগম নামৰ দম্পতিহাল ৷ একেটা চৌহদতে ভাড়াতীয়া হিচাপে থকা হাউলীৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ প্ৰৱক্তা মনোৱাৰ হুছেইনৰ পুত্ৰক অপহৰণৰ চেষ্টা গুলজাৰ আৰু মামনিৰ ৷ সোমবাৰে পুৱা দোকানলৈ বিস্কুট আনিবলৈ পঠোৱাৰ চলেৰে ঘৰলৈ মাতি নি হাত,ভৰি বান্ধি মুখত সোপা দি কোঠাত আবদ্ধ কৰি ৰাখিছিল মুজাহিদ হুছেইন নামৰ শিশুটিক ৷

সোমবাৰৰ পুৱাৰে পৰা সন্ধানহীন হৈ থকা শিশুটিক পৰিয়ালৰ লোকে সন্ধিয়া পৰ্যন্ত বিচাৰি পোৱা নাছিল যদিও বিচাৰ খোচাৰ কৰাৰ পাচত গুলজাৰ আৰু মামনিৰ বন্ধ কোঠাৰ পৰা সুযোগ বুজি পলায়ন কৰিবলৈ সক্ষম হয় দহ বছৰীয়া শিশুটিয়ে ৷ শিশুটিক ডিঙি চেপি হত্যাৰ চেষ্টা চলোৱাৰ লগতে হাত ভৰি আদিত আঘাতৰ চিন স্পষ্ট হৈ আছে ৷ শিশুটি উদ্ধাৰৰ পাচতে মামনি বেগমে এগৰাকী লোকৰ সৈতে মটৰ চাইকেলত উঠি পলাবলৈ চেষ্টা কৰিছিল যদিও স্থানীয় ৰাইজে অতি তৎপৰতাৰে মহিলা গৰাকীক আটক কৰিবলৈ সক্ষম হয় ৷

অভিযুক্ত মহিলা গৰাকীক স্থানীয় লোকে উত্তম মধ্যম শোধাই হাউলী আৰক্ষীক চমজাই দিয়ে । ইপিনে ভাড়াতীয়া গুলজাৰ আৰু মামনি বেগমৰ কোঠাত বিভিন্ন ধৰণৰ আপত্তিজনক তথ্যৰ লগতে একাধিক ছিমকাৰ্ড আৰু অজ্ঞাত কোডসহ মোবাইল নম্বৰ উদ্ধাৰ হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে। স্থানীয় ৰাইজে গুলজাৰ আৰু মামনি মানৱ সৰবৰাহৰ সৈতে জৰিত থকাৰ সন্দেহ কৰাৰ লগতে হাউলী আৰক্ষীয়ে ঘটনাটোৰ তদন্ত চলাই আছে ৷

লগতে পঢ়ক: গুৱাহাটী বিশ্ববিদ্যালয়ৰ 'তীখৰ উদ্যান'ৰ শুভ উদ্বোধন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.