ETV Bharat / state

বৰপেটাৰ হাঁহচৰা গাঁৱত শিশুৰ সলিল সমাধি - ৰাহুল আমিনৰ পুত্ৰ ইমৰান আলি

বৰপেটা জিলাৰ চেঙা সমষ্টিৰ নগাঁৱৰ সমীপৰ হাঁহচৰা গাঁৱত পানীত ডুবি মৃত্যু হয় এগৰাকী কিশোৰৰ ৷ পাঁচ বছৰীয়া কিশোৰটো ৰাহুল আমিনৰ পুত্ৰ ইমৰান আলি বুলি জানিব পৰা গৈছে ৷

বৰপেটাৰ হাঁহচৰা গাঁৱত শিশুৰ সলিল সমাধি
বৰপেটাৰ হাঁহচৰা গাঁৱত শিশুৰ সলিল সমাধি
author img

By

Published : Jul 7, 2020, 3:12 PM IST

বৰপেটা, ৭ জুলাই : বৰপেটাৰ চেঙা সমষ্টিৰ নগাঁৱৰ সমীপৰ হাঁহচৰা গাঁৱত শিশুৰ সলিল সমাধি ৷ ঘৰৰ কাষতে থকা পুখুৰীত নাঁও চলাই থকা অৱস্থাত পানীত পৰি মৃত্যু হয় শিশুটোৰ ৷ নিহত শিশুটোৰ নাম ইমৰান আলি বুলি জানিব পৰা গৈছে ৷ হাঁহচৰা গাঁৱৰ ৰাহুল আমিনৰ পাঁচ বছৰীয়া সন্তানটোৱে ঘৰৰ কাষতে থকা পুখুৰীত অকলে নাঁও চলাই আছিল ৷ কিন্তু দুৰ্ভাগ্যবশতঃ নাঁও চলাই থকাৰ সময়তে পানী পৰি যায় ইমৰান ৷ ঘৰৰ লোকৰ অজ্ঞাতে পানীত পৰি যোৱা ইমৰানক বিচাৰি চলাথ কৰে পৰিয়ালৰ লোকে ৷

বৰপেটাৰ হাঁহচৰা গাঁৱত শিশুৰ সলিল সমাধি
ৰাহুল আমিনৰ পাঁচ বছৰীয়া সন্তান ইমৰান আলি

প্ৰায় এঘন্টামান সময়ত বিচাৰ খোচাৰ কৰাৰ পিচতে পুখুৰীৰ পানীৰ পৰা উদ্ধাৰ হয় ইমৰানৰ মৃতদেহ ৷ শিশুটো সন্ধানহীন হৈ পৰাৰ পিচতেই পৰিয়ালৰ লোকে ঘৰৰ পৰা কিছু আতৰত নাঁওখন উপঙি থকা দেখা পাইছিল যদিও নাওঁ চলাই থকা কথাৰ বিষয়ে জ্ঞাত নাছিল ৷ কিন্তু তাৰ পিচতেই গাঁৱৰ লোকে পুখুৰীত বিচাৰ কৰি পানীত পৰা উদ্ধাৰ কৰে শিশুটোৰ মৃতদেহ ৷ মৃতদেহটো ইতিমধ্যে মৰনোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰন কৰা হৈছে ৷

লগতে পঢ়কঃ জলেশ্বৰত বানত ছিঙিল চিলাৰভিটা মথাউৰি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.