ETV Bharat / state

বৰপেটাৰ চাউলখোৱা মহোৎসৱৰ লাইখুঁটা স্থাপন - চাউলখোৱা মহোৎসৱ ৰূপালী জয়ন্তী বৰ্ষ

১৪ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব বৰপেটাৰ চাউলখোৱা মহোৎসৱ ৰূপালী জয়ন্তী বৰ্ষ । বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে লাইখুঁটা স্থাপন কৰে । নিৰ্বাচনৰ বিধি ব্যৱস্থা আৰু কৰ'ণাৰ বাবে এইবেলি এদিনীয়াকৈ অনুস্তুপীয়া কাৰ্যসূচীৰে মহোৎসৱখনি পালন কৰা হ'ব ।

বৰপেটাৰ চাউলখোৱা মহোৎসৱৰ লাইখুঁটা স্থাপন

author img

By

Published : Mar 7, 2021, 6:59 PM IST

বৰপেটা, ৭ মাৰ্চ: বৰপেটাৰ চাউলখোৱা মহোৎসৱ ৰূপালী জয়ন্তী বৰ্ষ অহা ১৪ মাৰ্চত দিনযোৰা কাৰ্যসূচীৰে পালন কৰা হ'ব ৷ চাউলখোৱা নদীৰ পাৰত অনুষ্ঠিত কৰা হ'ব এই মহোৎসৱ । এই উপলক্ষে চাউলখোৱা মহোৎসৱৰ দেওবাৰে লাইখুঁটা স্থাপন কৰা হয় ৷ বৰপেটাৰ বিধায়ক গুনীন্দ্ৰ নাথ দাসে লাইখুঁটা স্থাপন কৰি এই মহোৎসৱৰ জৰিয়তে বৰপেটাৰ সমাজ সংস্কৃতিৰ প্ৰসাৰৰ লগতে সমন্বয় সাধনত মহোৎসৱখনে বিশেষ উদ্যোগ লোৱা বুলি মন্তব্য কৰে ৷ ইপিনে নিৰ্বাচনৰ বিধি ব্যৱস্থা আৰু কৰ'ণাৰ বাবে এইবেলি এদিনীয়াকৈ অনুস্তুপীয়া কাৰ্যসূচীৰে মহোৎসৱখনি পালন কৰিবলৈ লোৱা বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ৷

বৰপেটাৰ চাউলখোৱা মহোৎসৱৰ লাইখুঁটা স্থাপন

উল্লেখ্য যে, শংকৰ-মাধৱ গুৰু দুজনাৰ পদৰেণুৰে ৰঞ্জিত ঐতিহ্যনগৰী বৰপেটাক চুই যোৱা বৰপেটাৰ প্ৰাণ চাউলখোৱা নদীক লক্ষ্য কৰি বৰপেটাত অনুষ্ঠিত হৈ আহিছে চাউলখোৱা মহোৎসৱ ৷ বৰপেটাৰ চাউলখোৱাপৰীয়া সত্ৰীয়া আৰু লোক সংস্কৃতিৰ লগতে বৰপেটাৰ ভাষা, সাহিত্য, সংস্কৃতিৰ বিকাশৰ বাবে অনুষ্ঠিত হৈ অহা চাউলখোৱা মহোৎসৱে এইবেলি ৰূপালী জয়ন্তী বৰ্ষত পদাৰ্পন কৰিছে ৷ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে শোভাযাত্ৰাও উলিওৱা হ'ব এই মহোৎসৱত ।

লগতে পঢ়ক:আমগুৰিত উন্মোচন অঞ্জন দত্তৰ প্ৰতিমূৰ্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.