ETV Bharat / state

এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত: ৰিপুণ বৰা

author img

By

Published : Apr 2, 2021, 1:48 PM IST

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাই এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত বুলি উল্লেখ কৰে ৷ বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি তেওঁ কয় যে বিজেপি দলৰ কোনো উন্নয়নৰ কথা নাই, কোনো আচঁনিৰ কথা নাই; মাথো বদৰুদ্দিন, বদৰুদ্দিন, মোগল, মোগল ৷ এইবাৰৰ নিৰ্বাচন অসম ৰক্ষাৰ নিৰ্বাচন, অসমীয়াক ৰক্ষা কৰাৰ নিৰ্বাচন ৷

certainly-grand-alliance-make-government-said-by-ripun-bora
এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত : ৰিপুণ বৰা

বৰপেটা, 2 এপ্ৰিল: "যতেই যাওঁ তাতেই শুনো খেলা হবে। মই কিন্তু কওঁ খেলা হৈ গেছে । যোৱা দুটা পৰ্যায়ৰ নিৰ্বাচনত ফলাফল ওলায়েই গৈছে । এইবাৰ মহাজোঁটৰ চৰকাৰ হোৱাটো নিশ্চিত।" বৃহস্পতিবাৰে সৰভোগৰ ফেহুৰাখোৱাত মহাজোঁটৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনত অনুষ্ঠিত নিৰ্বাচনী সভাত এইদৰে কয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা ৰাজ্য সভাৰ সাংসদ ৰিপুণ বৰাই ।

অসম প্ৰদেশ ক‍ংগ্ৰেছৰ সভাপতি গৰাকীয়ে লগতে কয় যে, এইবাৰৰ নিৰ্বাচন মহাজোঁট-মিত্ৰজোঁটৰ মাজৰ যুজ নহয়; এইবাৰৰ নিৰ্বাচন অসম ৰক্ষাৰ নিৰ্বাচন, অসমীয়াক ৰক্ষা কৰাৰ নিৰ্বাচন । উল্লেখ্য যে, মহাজোঁটৰ উদ্যোগত সৰভোগৰ ফেহুৰাখোৱা ক্ৰীড়া সংঘৰ খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাখনৰ সভাপতিত্ব কৰে বৰ্ষীয়ান বাওঁপন্থী নেতা তথা প্ৰাক্তন বিধায়ক হেমেন দাসে ৷

বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি সভাপতি ৰিপুণ বৰাই আৰু কয় যে, বিজেপি দল এটা প্ৰচাৰক দল, এটা ফাঁচি বজাৰৰ দল। বিজেপি দলৰ কোনো উন্নয়নৰ কথা নাই, কোনো আচঁনিৰ কথা নাই; মাথো বদৰুদ্দিন, বদৰুদ্দিন, মোগল, মোগল । ৰঞ্জিত দাসৰ বিজেপি দল ইমানেই নিকম্মা যে পাঁচটা বছৰত এটাও অংগনৱাড়ী কেন্দ্ৰ স্থাপন কৰিব পৰা নাই । ২ মে'ৰ পিছত মহাজোঁটৰ চৰকাৰ গঠন কৰিব আৰু কা আইন বলৱৎ কৰিব নিদি ইয়াক ব্ৰহ্মপুত্ৰ নৈত উটুৱাই দিব ৷ কংগ্ৰেছ দলৰ পাঁচটা গেৰান্টীৰ কথা উল্লেখ কৰি সভাপতি গৰাকীয়ে মহাজোঁটৰ চৰকাৰৰ সহযোগী হ'বলৈ সৰভোগৰ চি পি আই (এম) দলৰ মনোনীত আৰু মহাজোঁটৰ সমৰ্থিত প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰক বিপুল ভোটত জয়যুক্ত কৰাবলৈ আহ্বান জনায় ।

আনহাতে, সভাখনত উপস্থিত থাকি মহাজোঁটৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে এই নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি আন্ধাৰৰ পৰা পোহৰলৈ যোৱাৰ বাবে মহাজোঁটৰ প্ৰাৰ্থীক জয়যুক্ত কৰিবলৈ আহ্বান জনায় । ৰনজিত দাসে বৰপেটালৈ আহিলে পাকিস্তানত অহা যেন লাগে বুলি কোৱা কথা উল্লেখ কৰি মনোৰঞ্জন তালুকদাৰে লগতে কয় যে সৰভোগৰ কোনো উন্নয়ন নকৰা ৰনজিত দাস সৰভোগৰ জনতাৰ ভয়ত পলাব লগীয়া হৈছে । ইফালে প্ৰাক্তন সাংসদ তথা বিধায়ক উদ্ধৱ বৰ্মনে সভাখনত উপস্থিত থাকি বিজেপি দল মিছা কথাৰ ফেক্টৰী বুলি উল্লেখ কৰে ৷ ভাৰতৰ স্বাধীনতা আন্দোলনৰ বিৰোধী আৰ এছ এছৰ শ্ৰুতলিপিত চলা বিজেপি চৰকাৰক উৎখাত কৰিবলৈ তেওঁ আহ্বান জনায় । উক্ত সভাত বি পি এফ দলৰ নেতা প্ৰদীপ দেৱনাথেও বক্তব্য আগবঢ়ায় ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী নহয় আজমল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.