বৰপেটা, ৩০ জানুৱাৰীঃ গৰু ব্যৱসায়ৰ চলেৰে নামনি অসমত চলিছে জালনোটৰ চোৰাং বেহা ৷ বৰপেটাৰ বাঘবৰত জালনোটসহ তিনি গৰু ব্যৱসায়ী গ্ৰেপ্তাৰ হোৱাৰ পিচতেই পোহৰলৈ আহে সমগ্ৰ ঘটনাটো ৷ জালনোট ব্যৱহাৰ কৰি গৰু ক্ৰয় কৰিবলৈ আহি গ্ৰেপ্তাৰ হয় গোৱালপাৰা আৰু বৰপেটাৰ তিনিজন গৰু ব্যৱসায়ী ৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গৰু ব্যৱসায়ী তিনিটা হ'ল গোৱালপাৰা জিলাৰ মাটিয়াৰ নয়াপাৰা গাৱৰ ছাইফুল ইছলাম, গিয়াছ উদ্দিন আৰু বৰপেটাৰ আলোপতি চৰৰ সমীপৰ ধৰ্মপুৰ গাৱৰ চাহেব আলী ৷ গৰু ব্যৱসায়ী তিনিজনৰ পৰা ১ লাখ ৯ হাজাৰ ৫ শ টকাৰ জাল নোট উদ্ধাৰ কৰে বাঘবৰ আৰক্ষীয়ে ৷ বাঘবৰ বজাৰত গৰু কিনাৰ চলেৰে জালনোটৰ বেহা মেলিছিল ব্যৱসায়ী তিনিজনে ৷ ব্যৱসায়ী তিনিজনে ৫০ হাজাৰ টকাত পাঁচটা গৰু ক্ৰয় কৰি গৰুৰ মালিকক প্ৰদান কৰিছিল জালনোট ৷
নোটখিনি জাল বুলি সন্দেহ কৰি গৰুৰ মালিকে লগে লগে খবৰ দিয়ে বাঘবৰ আৰক্ষীক ৷ আৰক্ষীয়ে অতি তৎপৰতাৰে গৰু ব্যৱসায়ী তিনিজনক আটক কৰি সোধপোছ কৰাত ওলাই পৰে জালনোটৰ বৃহৎ বেহা ৷ বাঘবৰ আৰক্ষীয়ে গৰু ব্যৱসায়ী তিনিজনক গ্ৰেপ্তাৰ কৰি জালনোটৰ ব্যৱসায়ৰ সৈতে জড়িত আন অপৰাধীসকলক গ্ৰেপ্তাৰৰ বাবে গোৱালপাৰাতো আৰম্ভ কৰিছে অভিযান ৷ গৰু ব্যৱসায়ৰ চলেৰে জাল নোট মেলি দিয়া এই কাৰ্যক লৈ এতিয়া নামনি অসমৰ গৰু বজাৰসমুহত সৃষ্টি হৈছে তুমুল চাঞ্চল্য ৷ গৰু ব্যৱসায়ৰ চলেৰে নামনি অসমৰ সংখ্যালঘু অধ্যুষিত জিলাসমুহত জালনোট মেলি দিয়া এই চক্ৰটোৰ সৈতে বাংলাদেশৰ গৰু ব্যৱসায়ী জড়িত থকাৰো সন্দেহ কৰা হৈছে ৷