বৰপেটা, ৭ জানুৱাৰী: ৰপেটাৰ নগাঁওস্থিত বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ত বৃহস্পতিবাৰে 'আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন'ৰ উদ্যোগত কৰ্কট ৰোগৰ সজাগতামূলক এখন সভা অনুষ্ঠিত হয় । সভাখনত কৰ্কট ৰোগৰ উৎপত্তি আৰু নিৰাময়ৰ ওপৰত ল'বলগীয়া সাৱধানতা সন্দৰ্ভত আলোচনা কৰা হয় ।
উক্ত সভাত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ ডাঃ ওৱাছিম আখতাৰ বাৰিকে "আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন"ৰ তথ্য অনুসৰি ভাৰতবৰ্ষত বছৰি ৬ লাখ লোকৰ কৰ্কট ৰোগত মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে । লগতে ধপাত, গুটখাৰ দৰে নিচা জাতীয় সামগ্ৰীৰ পৰা সকলোকে আঁতৰি থাকিবলৈ আহ্বান জনায় চিকিৎসকগৰাকীয়ে ।
বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ প্ৰৱক্তা শ্বেখ আলী হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত সজাগতামূলক সভাখনত উপস্থিত থাকে "আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেছন"ৰ কিশোৰ বৰ্মণ, বি.এইচ. চৌধুৰী আৰু মহাবিদ্যালয়খনৰ প্ৰৱক্তাসকলৰ লগতে ছাত্ৰ- ছাত্ৰীসকল ।
লগতে পঢ়ক: প্ৰকাশ পালে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী