ETV Bharat / state

বৰপেটা আৰু মাৰ্ঘেৰিতা মহাবিদ্যালয়ত "কা" বিৰোধী প্ৰতিবাদ - CAA protest at Margherita College

বুধবাৰে বৰপেটাৰ ভেল্লাত অনুষ্ঠিত হয় "কা" বিৰোধী এক প্ৰতিবাদী সভা । সমান্তৰালকৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আহবান মৰ্মে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সন্মূখত আছু আৰু ছাত্ৰ একতা সভাই প্ৰতিবাদ সাব্যস্ত কৰে ৷

CAA protest at Barpeta and Margherita College
বৰপেটা আৰু মাৰ্ঘেৰিতা মহাবিদ্যালয়ত "কা" বিৰোধী প্ৰতিবাদ
author img

By

Published : Jan 22, 2020, 6:50 PM IST

বৰপেটা,22 জানুৱাৰীঃ এফালে ন্যায়ালয়ত ন্যায় লাভৰ যুঁজ আনফালে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ । বুধবাৰেও অসমত অব্যাহত আছে কা বিৰোধী আন্দোলন । বুধবাৰে বৰপেটাৰ ভেল্লাত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা । ভেল্লা আঞ্চলিক কা বিৰোধী মঞ্চৰ উদ্যোগত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় জনতাৰ জাগৰণ সভা । এই প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, হাইদৰ হুছেইন , মনজিৎ মহন্ত আৰু লাচিত বৰদলৈ , মেহদী আলম বৰা আদি কেইবাজনো লোকে ।

বৰপেটাৰ ভেল্লাত কা বিৰোধী প্ৰতিবাদী সভা

সমান্তৰালকৈ, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আহবান মৰ্মে মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সন্মূখত আছু আৰু ছাত্ৰ একতা সভাই প্ৰতিবাদ সাব্যস্ত কৰে ৷ মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মূখত "কা" ৰ প্ৰতিলিপি দাহ কৰাৰ লগতে ক’লা বেজ পৰিধান কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাই ৷

মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ সন্মূখত আছু আৰু ছাত্ৰ একতা সভাৰ প্ৰতিবাদ

লগতে পঢ়ক-"কা" বিৰোধী আন্দোলনত অসমীয়া ৰাইজে এখোজ ন্যায় পাইছেঃ ৰিপুন বৰা

Intro:বৰপেটা ২২ জানুৱাৰী :- এফালে ন্যায়ালয়ত ন্যায় লাভৰ যুঁজ আনফালে তীব্ৰ প্ৰতিবাদ । আজিও অসমত অব্যাহত আছে কা বিৰোধী আন্দোলন । আজি বৰপেটাৰ ভেল্লাত অনুষ্ঠিত হয় এক প্ৰতিবাদী সভা । ভেল্লা আঞ্চলিক কা বিৰোধী মঞ্চৰ উদ্যোগত ভেল্লা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় জনতাৰ জাগৰণ সভা । Body:এই প্ৰতিবাদী সভাত ভাষণ প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক অজিত কুমাৰ ভূঞা, হাইদৰ হুছেইন , মনজিৎ মহন্ত আৰু লাচিত বৰদলৈ , মেহদী আলম বৰা আদি কেইবাজনো লোকে । ভাষণ প্ৰসঙ্গত অজিত কুমাৰ ভূঞাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক পুতলা মুখ্যমন্ত্ৰী আখ্যা দি এই পুতলাৰ চাবি দিল্লীৰ পৰা পকাই বুলিও তেওঁ ব্যক্ত কৰে । সাংবাদিকৰ আগত আজিত কুমাৰ ভূঞা কয় যে আজি উচ্চতম ন্যায়ালয়ৰ শুনানীক লৈ ৰাইজৰ যথেষ্ট উৎকন্ঠা আছিল যদিও মই ভবা নাছিলো আমি কিবা এটা সাংঘাটিক কাষ দান পাম বুলি ৷ অসমৰ কাৰণে বিশেষ ভাবে শুনানী লব বুলি কৈছে যদি অসম বাসীৰ বাবে কোনো আনন্দৰ বা ভাল পব লগা খবৰ নহয় ৷ নতুন ৰাজনৈতিক দল গঠন হোৱাৰ প্ৰশ্নৰ উত্তৰ দি কয় ৷ অঞ্চলিক দল এটা গঠন হোৱাৰ এতিয়া প্ৰয়োজন নাই ৷ ছাত্ৰসন্থাৰ পৰা ঘোষনা কৰোতেও মই কৈছো এইটো সময় উপযোগী হোৱা নাই ৷ বৰং এই কথাটোৱে ৰাইজক বিভ্ৰান্ত কৰিব আৰু আন্দোলনটো দূৰ্বল কৰিব ৷ বিজেপিক উৎখাত কৰিবলৈ সকলো একলগ হব লাগিব ৷ এটা এক্যবদ্ধ সংগ্ৰাম লাগিব কাৰণ ইমান এটা বিভাজনৰ ৰাজনীতি কৰা দলক সহজে উৎখাত কৰা সহজ কথা নহয় ৷ বিজেপি চৰকাৰৰ হাতত ৰাইজক সকাহ দিব পৰা আজি একো নায় ৷
একেদৰে জাতিসত্বা ৰক্ষাৰ এই সংগ্ৰামত অসমীয়া হাৰিলে আৰু কোনোকালেই অসমীয়া জাতিয়ে নিজৰ ভাষা সংস্কৃতি ৰক্ষা কৰিব নোৱাৰে বুলি ব্যক্ত কৰে জ্যেষ্ঠ সাংবাদিক হাইদৰ হুছেইনে । তেও কয় যে উচ্চতম ন্যায়ালয়ত কা বিৰোধী সকলে তৰা গোচৰত লৈ অসমবাসী উদ্দীগ্ন হৈ আছিল যদিও বৰ্তমানৰ আমাৰ ন্যায়িক ব্যৱস্থা চৰকাৰৰ আগ্ৰাসনৰ পৰা মুক্ত নহয় বুলি বহুতে কব খুজে এনেকুৱা পৰিপ্ৰেক্ষিতত আজি স্থগিতাদেশ নাইবা ৰায় দিব বুলি আমি আশাবাদী নাছিলো বুলি মন্তব্য কৰি কয় দেশৰ জনসাধাৰণে আশা নকৰিলেও চৰকাৰৰ বিৰুদ্ধে কাষ দান কৰিব পাৰে বুলি উল্লেখ কৰে ৷
ইপিনে এই প্ৰতিবাদী জনসভাত ভাষণ প্ৰদান কৰি মুছলমান সকলক কা বিৰোধী আন্দোলন তীব্ৰ কৰিবলৈ আহ্বান জনায় মেহদী আলম বৰাই । এই আইনৰ বাবে অসমৰ মুছলমান সকল বেছি ক্ষতিগ্ৰস্ত হব বুলিও মেহদী আলম বৰাই মন্তব্য কৰে । জনসভাত ভাষণ প্ৰদান কৰি অসমৰ সত্ৰৰ মাটি সত্ৰাধিকাৰ সকলে কত কত বিক্ৰী কৰিছে আৰু কাক আধি ঠিকা দিছে তাৰ তদন্ত হব লাগে বুলি ব্যক্ত কৰে মীৰা বৰঠাকুৰে । আনহাতে ৰাইজক অন্ধকাৰত ৰাখি নৰেন্দ্ৰ মোডী চৰকাৰে ইতিমধ্যে 150 খন ৰেল ব্যক্তি গত কাৰণ কৰি ৰাইজক আভুৱা ভাৰিছে বুলিও অভিযোগ উত্থাপন কৰে মীৰা বৰঠাকুৰে । লগতে তেও কয় যে এইখন চৰকাৰ হৈছে হাল আনি শিয়াল খেদা চৰকাৰ ৷ এইটো সময়ত হব লাগিছিল উন্নয়নৰ ৰাজনীতি ৷ হিষ্ট্ৰী বেগৰাউণ্ডৰ মানুহক গভৰ্নৰ দিছে অসমীয়া মাধ্যমৰ মানুহক যদি মেথামেথিক্স পঢ়াবলৈ লৈ যায় মেথামেথিক্স পঢ়াব পাৰিম নেকি? এইচ আৰ ডি মিনিষ্টাৰৰ ফৰজি ছাৰ্টিফিকেট, প্ৰধানমন্ত্ৰীৰ ভুৱা ছাৰ্টিফিকেট, হোম মিনিষ্টাৰ ক্লাছ ১২ পঢ়া ৷ স্বাধীনতাৰ পিছত শুনিছেনেকি প্ৰধানমন্ত্ৰী এনেদৰে ভূৱা ছাৰ্টিফিকেট লৈ অহা ৷ অদানী, আম্বানী , অমিতছাহ, মোডী হৈছে বেপাৰী বেকগ্ৰাউণ্ড এওলোকে বেপাৰ কৰিছে ৷
একেদৰে লাচিত বৰদলৈএ উচ্চতম ন্যায়ালয়লৈ অসমৰ ৰাইজে অধীৰ আগ্ৰহেৰে বাট চাই আছে যদিও ৰাইজৰ সন্দেহ ৰাইজৰ আস্থা বিস্বাস যাতে অব্যাহত থাকে সেই সম্পৰ্কে যাতে উচ্চতম ন্যায়ালয়ে লক্ষ্য কৰে সেই কথাৰ আহ্বান জনায় ।
Conclusion:বাইট: আজিত কুমাৰ ভূঞা
বাইট: মীৰা বৰঠাকুৰ
বাইট: হাইদৰ হুছেইন

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.