ETV Bharat / state

জি.এম.চি.এইচলৈ প্ৰেৰণ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাক

author img

By

Published : Oct 22, 2020, 6:04 PM IST

বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁক জি.এম.চি.এইচলৈ লৈ প্ৰেৰণ কৰে ৷

বশিষ্ঠদেৱ শৰ্মা
বশিষ্ঠদেৱ শৰ্মা

বৰপেটা, 22 অক্টোবৰ: কৰ'ণাত আক্ৰান্ত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাক প্ৰেৰণ কৰা হৈছে জি.এম.চি.এইচলৈ ৷ বুধবাৰে কৰ'ণা মহামাৰীৰ অৱস্থিতি ধৰা পৰিছিল শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ দেহত ৷ কৰ'ণাত আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ অহাৰ পাচতে তেওঁক ভৰ্তি কৰোৱা হৈছিল বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত ৷

জি.এম.চি.এইচলৈ প্ৰেৰণ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাক
জি.এম.চি.এইচলৈ প্ৰেৰণ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাক

বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, পূৰ্বৰে পৰা হৃদৰোগত আক্ৰান্ত বুঢ়া সত্ৰীয়া বাপজনাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটে বৃহস্পতিবাৰে ৷ বুঢ়াসত্ৰীয়া বাপজনাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি বৰপেটা চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই তেওঁক জি.এম.চি.এইচলৈ লৈ প্ৰেৰণ কৰে ৷ বুঢ়াসত্ৰীয়া বশিষ্ঠদেৱ শৰ্মাৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ বতৰাক লৈ উদ্বিগ্ন বৰপেটাবাসী ৷ উল্লেখ্য যে, বুধবাৰে নিজ বাসগৃহৰ পৰা চিকিৎসালয়লৈ যোৱাৰ সময়তো তেওঁৰ স'তে দেখিবলৈ পোৱা গৈছিল শ্ৰীমদ্ভাগৱত শাস্ত্ৰখন ৷ বৃহস্পতিবাৰে জি.এম.চি.এইচলৈ যোৱাৰ সময়তো বাপজনাৰ সৈতে শাস্ত্ৰখন দেখিবলৈ পোৱা গ'ল ৷

লগতে পঢ়ক: বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ক’ভিড 19 ত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.