বৰপেটা, ৮ ফেব্ৰুৱাৰী: বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা অসুস্থ (Burha Satriya Basistha Dev Sarma) ৷ মঙলবাৰে পুৱাতে অসুস্থ হৈ পৰা বুঢ়াসত্ৰীয়াগৰাকীক বৰপেটা মেডিকেল কলেজ হস্পিটালত ভৰ্তি কৰা হৈছিল যদিও শেহতীয়াভাৱে GMCH লৈ প্ৰেৰণ কৰা হৈছে ৷
বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে জনোৱা মতে, বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ আশংকা কৰি উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হয় ৷ বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়াগৰাকীৰ সৈতে বৰপেটা মেডিকেল কলেজ হস্পিটালৰ চিকিৎসকৰ দল এটাকো প্ৰেৰণ কৰা হৈছে ৷ চিকিৎসকৰ দলটোত মেডিচিন বিভাগৰ এগৰাকী জ্যেষ্ঠ অধ্যাপক, শৈল বিভাগৰ মুৰব্বী অধ্যাপকৰ সৈতে এটা বিশেষজ্ঞ চিকিৎসকৰ দল প্ৰেৰণ কৰাৰ লগতে আৰক্ষীৰ এটা এচক'ৰ্টৰ দলো তেওঁৰ সৈতে পঠোৱা হৈছে ৷
উল্লেখ্য যে, শেহতীয়াকৈ বুঢ়াসত্ৰীয়াগৰাকী গেষ্ট্ৰ'ল'জী আৰু লিভাৰৰ ৰোগত ভূগি আছিল৷ ইতিমধ্যে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে GMCH ৰ অধ্যক্ষৰ লগতে গেষ্ট্ৰ'ল'জী বিভাগৰ সৈতে যোগাযোগ কৰি প্ৰয়োজনীয় চিকিৎসা ব্যৱস্থা সাজু কৰি তুলে ৷
বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ অসুস্থতাৰ বিষয়ে ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাসকো অৱগত কৰা হৈছে আৰু তেওলোকে বুঢ়াসত্ৰীয়াগৰাকীৰ স্বাস্থ্য সম্বন্ধে খবৰ লৈ থকা বুলিও জানিবলৈ দিছে বৰপেটা মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে ৷
লগতে পঢ়ক: সংকটজনক অৱস্থাত ICUত চিকিৎসাধীন শিল্পী অপূৰ্ব বেজবৰুৱা