জনীয়া,২৪ ফেব্ৰুৱাৰী: দীৰ্ঘদিন ধৰি যাতায়তৰ উপযুক্ত সুবিধাৰ পৰা বঞ্চিত জনীয়া সমষ্টিৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ গাঁও । যাতায়তৰ দিশৰ পৰা বঞ্চিত খাৰাবাল্লী গাঁৱৰ ৰাইজে এইবাৰ ক্ষোভ উজাৰিছে চৰকাৰৰ বিৰুদ্ধে । কিয়নো গাঁওখনৰ মাজেৰে বৈ যোৱা বেকী নদীৰ সুতিয়ে ৰাইজৰ যাতায়তৰ বাবে চৰম অসুবিধাৰ সৃষ্টি কৰি আহিছে । বছৰ বছৰ ধৰি বাৰিষা সময়ত নাৱেৰে পাৰ হ'বলগীয়া হয় অঞ্চলটোৰ ৰাইজ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰী । সম্প্ৰতি এখন ভঙা-ছিঙা বাঁহৰ সাঁকোৱে একমাত্ৰ ভৰষা অঞ্চলটোৰ ৰাইজৰ । প্ৰতিদিনে বিপদসংকূলভাৱে এই বাঁহৰ সাঁকোৰে পাৰ হ'বলগীয়া হৈছে সমষ্টিটোৰ শ শ লোক । কিন্তু এই ক্ষেত্ৰত কোনে গুৰুত্ব নাই চৰকাৰ তথা স্থানীয় বিধায়কৰ ।
নিৰ্বাচনৰ সময়ত জন প্ৰতিনিধিয়ে বিভিন্ন প্ৰতিশ্ৰুতি দি যায় কিন্তু বাঁহৰ সাঁকো সদায় তেনেদৰেই থাকে । সেয়ে এইবাৰ ৰাইজে এখন কাঠৰ দলঙৰ দাবী কৰিছে । নিৰ্বাচনৰ পূৰ্বে কাঠৰ দলং নিৰ্মাণ নহ'লে ভোট বৰ্জনৰ সিদ্ধান্ত লোৱাৰ হুংকাৰ দিয়ে অঞ্চলবাসীয়ে ।
লগতে পঢ়ক:কোকৰাঝাৰত পাঁচ ছাত্ৰ ক'ভিড পজিটিভ