ETV Bharat / state

ৰাজ্যৰ চাৰি সমষ্টিৰ আগন্তক উপ-নিৰ্বাচনলৈ চূড়ান্ত বিজেপিৰ প্ৰাৰ্থী তালিকা - ৰাজেন বৰঠাকুৰ

ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টিত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে ভাৰতীয় জনতা পাৰ্টীয়ে ঘোষণা কৰিলে প্ৰাৰ্থী তালিকা ৷

ৰাজ্যৰ চাৰি সমষ্টিৰ আগন্তক উপ-নিৰ্বাচনলৈ চূড়ান্ত বিজেপিৰ প্ৰাৰ্থী তালিকা
author img

By

Published : Sep 29, 2019, 6:52 PM IST

নিউজ ডেস্ক, 29 ছেপ্টেম্বৰঃ ৰাজ্যৰ চাৰিটা বিধানসভা সমষ্টি ক্ৰমে ৰঙাপৰা, সোণাৰি, জনিয়া আৰু ৰাতাবাড়ীত হ'বলগীয়া আগন্তক উপ-নিৰ্বাচনৰ বাবে চূড়ান্ত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে বিজেপিয়ে ৷ দলটোৱে ৰঙাপৰা সমষ্টিৰ বাবে তেজপুৰৰ প্ৰাক্তন বিধায়ক ৰাজেন বৰঠাকুৰক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বিপৰীতে সোণাৰি সমষ্টিত নৱনীতা সন্দিকৈক,জনীয়া সমষ্টিত জনপ্ৰিয় অভিনেতা তথা বিজেপিৰ উপ সভাপতি তৌফিকুৰ ৰহমানক আৰু ৰাতাবাড়ি সমষ্টিৰ পৰা বিজয় মালাকাৰক নিৰ্বাচনী প্ৰতিদ্বন্দিতাৰ বাবে দলীয় টিকট প্ৰদান কৰিছে ৷ ইফালে জনিয়া সমষ্টিৰ পৰা দলীয় টিকট লাভ কৰি নিজৰ সন্তুষ্টি ব্যক্ত কৰে অভিনেতা তৌফিকুৰ ৰহমানে ৷ জনিয়াৰ বাবে প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰা নাছিল বুলি মন্তব্য কৰি ৰহমানে কয় যে তেওঁক প্ৰাৰ্থীত্ব প্ৰদান কৰাটো সম্পূৰ্ণ দলীয় সিদ্ধান্ত ৷ সকলোকে লগত লৈ নিৰ্বাচনী যুঁজত আগবাঢ়িব বুলি মত ব্যক্ত কৰি নেতাজনে সমষ্টিটোত কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ মাজত সঘনাই চলি থকা প্ৰাক-নিৰ্বাচনী মিত্ৰতাক লৈ মুঠেও চিন্তিত নহয় বুলি উল্লেখ কৰে ৷ তেওঁ লগতে সমষ্টিটোত বিজেপিৰ জয় 100 শতাংশই নিশ্চিত বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই ৷ নেতাগৰাকীয়ে সমষ্টিবাসী ৰাইজক 70 বছৰীয়া কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ শাসনৰ বিপৰীতে এক নতুন পৰিৱৰ্তনৰ স্বাৰ্থত বিজেপিক জয়যুক্ত কৰিবলৈ আহ্বান জনায় ৷

Intro:

বৰপেটা ২৯ ছেপ্তেম্বৰ: বৰপেটাত উপস্থিত জনীয়া উপ নিৰ্বাচনৰ বিজেপি প্ৰাৰ্থী তৌফিকুৰ ৰহমান ৷

বিজেপিয়ে জনীয়াত প্ৰাৰ্থীত্ব দিছে জনপ্ৰিয় অভিনেতা তথা বিজেপিৰ উপ সভাপতি তৌফিক ৰহমান ওৰফে তৌফিকুৰ ৰহমানক ৷

দলৰ নেতা কৰ্মীৰ উস্ম আদৰনি ৷

জনীয়াৰ বাবে প্ৰাৰ্থীত্ব বিচাৰি আবেদন কৰা নাছিলো ৷

মোৰ প্ৰাৰ্থীত্বৰ সিদ্ধান্ত দলে লৈছে ৷

বিজেপিৰ দলৰ কাম কাজ অন্য দলৰ সৈতে নিমিলে ৷

Body:সকলোকে লগত লৈ নিৰ্বাচনী যুঁজত আগবাঢ়িব তৌফিকুৰ ৰহমান ৷

বিজেপিৰ প্ৰাৰ্থীত্ব প্ৰত্যাসীসকলেই সকলোতকৈ অধিক সহায় কৰিব লাগিব ৷

জিকিব বুলি আশাবাদী ৷

১০০ শতাংশ জিকিম বুলি আত্মবিশ্বাসী ৷

কংগ্ৰেছৰ ৭০ বছৰ আৰু এআইইউডিএফৰ বিপৰীতে পৰিবৰ্তন বিচাৰক জনীয়াৰ ৰাইজে ৷

ৰাইজৰ সেৱা কৰাৰ সুযোগ দিয়ক বিজেপিক ৷

বিজেপিক সাম্প্ৰদায়িক বুলি কংগ্ৰেছে কৰি অহা সমালোচনাক প্ৰত্যুত্তৰ দি তৌফিকুৰ ৰহমানৰ দাবী, ভাৰতত ২০ কোটি মুছলমানক বাদ দি কোনোৱে সাম্প্ৰদায়িক ৰাজনীতি কৰিব পাৰিব নেকি ৷

বিজেপিৰ লক্ষ্যই হৈছে কেবল প্ৰগতি আৰু উন্নতি ৷

জনীয়াত বিৰোধী প্ৰাৰ্থীক লৈ চিন্তিত নহয় তৌফিকুৰ ৰহমান ৷

তেওলোকে সবল প্ৰাৰ্থীত্ব দিছে বুলি নাভাবে ৷

আমাৰ লগত ৰাইজ আছে, সকলোৱে পৰিৱৰ্তন বিছাৰিছে ৷

বিজেপিয়ে হাত মেলি ৰৈ আছে জনীয়াৰ মানুহক আদৰি লবলৈ ৷

কংগ্ৰেছ ইউডিএফৰ মাজত মিত্ৰতা হব পাৰে ৷ যোৱা লোকসভা নিৰ্বাচনতো হৈছিল মিত্ৰতা ৷

এই মিত্ৰতাই নিৰ্বাচনত একো প্ৰভাৱ পেলাব নোৱাৰে ৷

বিজেপিক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে ৷ Conclusion:বাইট: তৌফিকুৰ ৰহমান ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.