পাঠশালা, ২২জুন: পাঠশালাৰ অন্যতম সামাজিক অনুষ্ঠান উদয়ন সংঘৰ সমন্বয় অনুষ্ঠান উদয়ন সন্ধিয়াত শুকুৰবাৰে সংগীত পৰিবেশন কৰে বলিউদৰ জনপ্ৰিয় কন্ঠশিল্পী মহালক্ষ্মী আয়াৰ আৰু ৰাম আয়াৰে ৷ এই অনুষ্ঠানতকৈও মঞ্চত কালি পাঠশালাবাসী সাক্ষী হয় এক আবেগিক পৰিবেশৰ ৷ জীৱন যুজঁত হাৰ নমনা এজন শিক্ষক তথা সমাজ কৰ্মীক পাঠশালাৰ প্ৰায়বোৰ দল সংগঠন আৰু পাঠশালা প্ৰেছ গিল্ড আৰু যুৱ ছাত্ৰ পৰিষদে যি সন্মান প্ৰদান কৰিলে সেয়া আছিল বিৰল ৷
ইচ্ছাশক্তি প্ৰবল হলে যে মৃত্যুৱে হাৰ মানিব পাৰে সেয়া শুকুৰবাৰে পাঠশালাত প্ৰতিপন্ন কৰিলে এজন শিক্ষক সমাজ কৰ্মীয়ে ৷ পাঠশালাৰ অন্যতম সামাজিক সাংস্কৃতিক অনুষ্ঠান হৈছে উদয়ন সংঘ ৷ একক প্ৰচেষ্টাৰে পাঠশালাৰ শিক্ষক তথা সমাজকৰ্মী প্ৰশান্ত শৰ্মা ওৰফে ভাইটিয়ে পাঠশালাত ৮০ ৰ দশকৰে পৰা শৰীৰ চৰ্চ্চা, কাৰাটে, পাঠশালা ক্ৰিকেট ক্লাৱ,সাঁতোৰ প্ৰশিক্ষণ শিবিৰ স্থাপন কৰি পাঠশালাত এক জাগৰণ আনিছিল ৷ তদুপৰি প্ৰশান্ত কুমাৰ শৰ্মাৰ নেতৃত্বতে উদয়ন ৰক্ত দান গোট গঠন কৰা হৈছিল যাৰ দ্বাৰা কিমান পৰিয়াল উপকৃত হৈছে তাৰ লেখ নাই ৷ সেই গৰাকী ভাইটি দা এতিয়া জটিল ৰোগত আক্ৰান্ত হৈ যুঁজিছে জীবন মৃত্যুৰ সৈতে ৷ তাৰে মাজতে জটিল অস্ত্ৰোপচাৰৰ পিছত একক প্ৰচেষ্টাৰে শুকুৰবাৰে ভাইটি দাৰ নেতৃত্বত পাঠশালাত অনুষ্ঠিত হৈ গ'ল উদয়ন সন্ধিয়া য'ত সংগীত পৰিবেশন কৰিলে বলিউদৰ শিল্পী মহালক্ষ্মী আয়াৰ আৰু ৰাম আয়াৰে ৷
মৃত্যুৰ সতে যুজঁ দিয়া এইগৰাকী ভাইটিদাক কালি পাঠশালাত শ শ লোকৰ সমাগমৰ সানিধ্যত শুকুৰবাৰে উদয়নৰ মঞ্চত পাঠশালা প্ৰেছ গিল্ডে প্ৰদান কৰিলে সমাজ বন্ধু বঁটা ৷ যুব ছাত্ৰ পৰিষদৰ বজালী জিলা সমিতিয়ে তেওঁক প্ৰদান কৰিলে যুৱ ছাত্ৰ প্ৰেৰণা বঁটা ৷ একেলগে পাঠশালাৰ বিভিন্ন দল সংগঠনৰ উপৰি বিশিষ্ট ব্যক্তি সকলে ভাইটি দাক যাঁচিলে মাথোঁ সম্বৰ্ধনা ৷ দুৰন্ত সাহসী মনৰ ভাইটিদা আছিল অবিচল আৰু আন সকলোৰে চকুত চকুপানী ৷
ইয়াৰ পিছতে মঞ্চত এটাৰ পিছত এটাকৈ গীত পৰিবেশন কৰে শিল্পী মহালক্ষ্মী আয়াৰ আৰু ৰাম আয়াৰে ৷ কিন্তু কালি বলিউদৰ শিল্পীৰ এনে উপস্থিতিৰ মাজতো কোনেও পাহৰিব নোৱাৰা স্মৃতি হৈ ৰব মহান প্ৰেৰণা দায়ক শিক্ষক তথা সমাজ গঢ়োঁতা ভাইটিদাৰ প্ৰতি থকা পাঠশালাবাসীৰ মৰম ৷ হয়তো পাঠশালাত আজিলৈ কোনো এজন ব্যক্তিয়ে এনেদৰে ৰাইজৰ পৰা লাভ কৰা নাই আনুষ্ঠানিক মৰম অথবা সন্মান ৷ আনহাতে একেটা অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ডাঃ ঘণশ্যাম বসুমতাৰী ৷