ETV Bharat / state

কলগাছিয়াৰ কাউৰজাহীত বেকী নৈৰ ভয়াৱহ খহনীয়া

author img

By

Published : Jun 15, 2021, 5:55 PM IST

বেকী(Beki) নৈৰ খহনীয়াই অশনি সংকেত মাতিছে কলগাছিয়াৰ কাউৰজাহীৰ নৈপৰীয়া ৰাইজলৈ । চপৰা চপৰে খহিছে নৈৰ গৰা ৷ খহনীয়াত জাহ গ'ল ৰিং বান্ধৰ লগতে প্ৰায় ১৫ টা পৰিয়ালৰ বাসগৃহ । গছৰ তলত অতি কষ্টেৰে নিশা কটাবলগীয়া হৈছে অঞ্চলটোৰ খহনীয়াগ্ৰস্ত লোকসকলে ।

Beki river erosion
কলগাছিয়াৰ কাউৰজাহীত বেকী নৈৰ ভয়াৱহ খহনীয়া

জনীয়া, ১৫ জুন: কলগাছিয়া ৰাজহচক্ৰৰ অন্তৰ্গত কাউৰজাহী গাঁৱত বিগত এসপ্তাহ ধৰি বেকী(Beki) নৈৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে । যিকোনো মুহূৰ্ততে আপোন ঘৰ, খেতি মাটি হেৰুওৱাৰ শংকাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে নৈপৰীয়া ৰাইজে ৷

আনহাতে, খহনীয়াৰ বাবে গৃহহীন হৈ পৰা পৰিয়ালবোৰে মুকলি আকাশৰ তলত নিশা কটাবলগীয়া হোৱাৰ লগতে কেইবাটাও পৰিয়ালৰ ঘৰ-মাটি উচন হোৱাত আতংকিত হৈ পৰিছে স্থানীয় লোকসকল । ইতিমধ্যে খহনীয়াত উচন হৈছে বিঘাই বিঘাই মৰাপাটৰ খেতি ।

স্থানীয় লোকে জানিবলৈ দিয়া মতে, খহনীয়াত সদ্য নিৰ্মিত ৰিং বান্ধ জাহ যোৱাৰ লগতে প্ৰায় 15 টা পৰিয়াল গৃহহীন হৈ পৰিছে ৷ ইয়াৰ পাচতো স্থানীয় বিধায়ক তথা জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ ফলত অঞ্চলটোৰ লোকসকলে অসহায় অনুভৱ কৰা পৰিলক্ষিত হৈছে ৷ ভয় তথা শংকাত দিন পাৰ কৰা ৰাইজে সেয়েহে শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰি তেওঁলোকৰ জীৱন সুৰক্ষিত কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰপেটা জিলা প্ৰশাসনক আহ্বান জনাইছে ৷

লগতে পঢ়ক:গৰম বন্ধ শেষ হ'ল যদিও নোখোলে বিদ্যালয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.