ETV Bharat / state

এফালৰ পৰা শেষ কৰি গৈছে খহনীয়াই, কেতিয়া সাৰ পাব চকু মুদা কুলি?

দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ বেকী নৈৰ পাৰত ৰাইজে অনুষ্ঠিত কৰিলে কোৰাণ তেলোৱাত । নেদেখাজনৰ ওচৰত ৰাইজে জনালে সমূহীয়া দোৱা-প্ৰাৰ্থনা ।

beki river erosion takes terrible form at jania
বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া
author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 1:26 PM IST

খহনীয়া প্ৰতিৰোধৰ কাম

জনিয়া, 4 ডিচেম্বৰ : জনিয়া সমষ্টিৰ কাছুকাটি চৰত বেকী নৈয়ে ধাৰণ কৰিছে কালৰূপ । জনপ্ৰতিনিধিৰ ভৰসালৈ বাদ দি ৰাইজৰ দান বৰঙণিৰে শুভাৰম্ভ কৰিলে বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাম ।

বেকী নৈৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াই আনিছে বৰপেটা জিলাৰ কেইবাখনো গাঁৱলৈ । গৰাখহনীয়াই কালৰূপ ধাৰণ কৰি খহাই নিছে বৰপেটা জিলাৰ কাছুকাটি, কাউৰজাহী, ডাউকমাৰী, গৰেমাৰী, বানিয়াৰাপাৰাৰ মাটি । যোৱাটো বাৰিষাত বেকী নৈৰ গৰাখহনীয়াত কাছুকাটি আৰু কাউৰজাহী গাঁৱৰ পৰা জাহ গৈছে কেইবাটাও পৰিয়ালৰ ঘৰ-দুৱাৰ আৰু কৃষি ভূমি ।

কিছু বছৰ ধৰি কাছুকাটি গাঁৱত খহনীয়া নাছিল যদিও অবৈধ খননে পুনৰ খাল খান্দি ঘঁৰিয়াল মতাদি মাতি আনিছে খহনীয়া । বিগত বৰ্ষত ট্ৰেক্টৰ আৰু জেচিবিৰে অবৈধভাৱে বালি খান্দি বালি মাফিয়াই চলাই আহিছিল ৰমৰমীয়া ব্যৱসায় । যাৰ পৰিপ্ৰেক্ষিতত বেকী নদীৰ সোঁত বৰ্তমান কাছুকাটিৰে বৈ আছে । জনপ্ৰতিনিধি, চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কেবাখনো গাঁৱৰ ৰাইজে গৰাখহনীয়া প্ৰতিৰোধ সমিতি গঠন কৰি ৰাইজৰ ঘৰে ঘৰে গৈ বাঁহ আৰু টকা-পইচা সংগ্ৰহ কৰি ৰাইজৰ তৎপৰতাত আৰম্ভ কৰিলে খহনীয়া ৰোধৰ পদক্ষেপ ।

beki river erosion takes terrible form at jania
দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ সমূহীয়া প্ৰাৰ্থনা

কেৱল নিৰ্বাচনৰ সময়ত জনিয়াৰ বিধায়ক ড৹ হাফিজ ৰফিকুল ইছলাম আৰু সাংসদ আব্দুল খালেকে কেইটামান কাম কৰে । কিন্তু নিৰ্বাচনত জিকাৰ পিচতেই উক্ত অঞ্চলৰ খবৰ নোলোৱাৰ অভিযোগ ভুক্তভোগী ৰাইজৰ । উক্ত বিষয় সন্দৰ্ভত বাৰম্বাৰ স্থানীয় জনপ্ৰতিনিধি, বিধায়ক তথা চৰকাৰক অৱগত কৰাৰ পিচতো কোনেও গুৰুত্ব নিদিয়াত এতিয়া উপায়ন্তৰ হৈ ঘৰে ঘৰে গৈ বাঁহ সংগ্ৰহ কৰি নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ চেষ্টা চলাইছে ভুক্তভোগী ৰাইজে । বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ পূৰ্বে কোৰাণ তেলোৱাত কৰাৰ লগতে নেদেখাজনৰ ওচৰত ৰাইজে সমূহীয়া প্ৰাৰ্থনা কৰি নদীৰ দুৰ্যোগৰ পৰা ৰক্ষা পাবলৈ কাতৰ নিবেদন কৰে ।

লগতে পঢ়ক : Erosion of Beki river: কলগাছিয়াৰ বলাইপাথাৰ গাঁৱত বেকী নৈৰ ভয়ংকৰ গৰাখহনীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.