জনীয়া,২০ জুলাই : ভয়াৱহ বানে ধোৱা বৰপেটা জিলাৰ বেঁকী নৈত হ্ৰাস পাইছে পানী। ক্ৰমশ উন্নত হৈছে বান পৰিস্থিতিৰ কিন্তু একে সময়তে জিলাখনৰ কলগাছিয়াৰ সুতিৰপাথাৰ আৰু খাৰবাল্লীত থকা বান শিবিৰত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ লগতে আন আন মৌলিক প্ৰয়োজনীয় বস্তুৰ অভাৱে এতিয়া জৰ্জৰিত কৰিছে শিবিৰবাসীক । ৯ দিন ধৰি ঘৰৰ ভিতৰত একাঠু পানীৰ ফলত সুতিৰপাথাৰ আৰু খাৰবাল্লী গাঁওৰ প্ৰায় চাৰিশ লোকক স্থানান্তৰ কৰা হৈছিল শিবিৰটোলৈ। আঁঠুৱা নোহোৱাকৈ পশুধনৰ লগত এতিয়া ৰাইজৰ সহৱস্থান । শিবিৰত কেইবাজনো লোক আক্ৰান্ত হৈছে ডায়েৰিয়া আৰু জ্বৰত। যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ বাবে ৰোগীক ভৰ্তি কৰিব পৰা হোৱা নাই চিকিৎসালয়ত। একেসময়তে ৰাইজৰ এই দুৰ্দশাৰ ৰং চাইছে চৰকাৰ তথা জিলা প্ৰশাসনে। কেৱল আধা কেজি চাউল আৰু দাইল দিয়েই দায়িত্ব সামৰি এতিয়া হাত সাবটি বহি আছে ৰজাঘৰীয়া। চৰকাৰৰ সুমতি কামনা দুৰ্ভগীয়া ৰাইজৰ। অতি সোনকালে মানুহ আৰু পশুৰ খাদ্য সামগ্ৰীৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক অনুৰোধ ৰাইজৰ।
ৰজাঘৰীয়াই নুশুনে বান পীড়িতৰ বিননি - beki river
বেকী নৈৰ বান এতিয়া কলগাছিয়াৰ বাবে চকুপানী । বান শিবিৰত নাই খাদ্য,বিশুদ্ধ খোৱা পানী । বানপানীৰ পাছত এতিয়া ডায়েৰিয়াৰ প্ৰকোপ । নাই কোনো চিকিৎসাৰ ব্যৱস্থা । আধা কেজি চাউল আৰু দাইল দিয়েই দায়িত্ব সামৰিলে চৰকাৰে। বান শিবিৰত এতিয়া বন্যাৰ্তৰ মাজত হাহাকাৰ ।
জনীয়া,২০ জুলাই : ভয়াৱহ বানে ধোৱা বৰপেটা জিলাৰ বেঁকী নৈত হ্ৰাস পাইছে পানী। ক্ৰমশ উন্নত হৈছে বান পৰিস্থিতিৰ কিন্তু একে সময়তে জিলাখনৰ কলগাছিয়াৰ সুতিৰপাথাৰ আৰু খাৰবাল্লীত থকা বান শিবিৰত সৃষ্টি হৈছে তীব্ৰ খাদ্য সংকটৰ লগতে আন আন মৌলিক প্ৰয়োজনীয় বস্তুৰ অভাৱে এতিয়া জৰ্জৰিত কৰিছে শিবিৰবাসীক । ৯ দিন ধৰি ঘৰৰ ভিতৰত একাঠু পানীৰ ফলত সুতিৰপাথাৰ আৰু খাৰবাল্লী গাঁওৰ প্ৰায় চাৰিশ লোকক স্থানান্তৰ কৰা হৈছিল শিবিৰটোলৈ। আঁঠুৱা নোহোৱাকৈ পশুধনৰ লগত এতিয়া ৰাইজৰ সহৱস্থান । শিবিৰত কেইবাজনো লোক আক্ৰান্ত হৈছে ডায়েৰিয়া আৰু জ্বৰত। যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ বাবে ৰোগীক ভৰ্তি কৰিব পৰা হোৱা নাই চিকিৎসালয়ত। একেসময়তে ৰাইজৰ এই দুৰ্দশাৰ ৰং চাইছে চৰকাৰ তথা জিলা প্ৰশাসনে। কেৱল আধা কেজি চাউল আৰু দাইল দিয়েই দায়িত্ব সামৰি এতিয়া হাত সাবটি বহি আছে ৰজাঘৰীয়া। চৰকাৰৰ সুমতি কামনা দুৰ্ভগীয়া ৰাইজৰ। অতি সোনকালে মানুহ আৰু পশুৰ খাদ্য সামগ্ৰীৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে চৰকাৰক অনুৰোধ ৰাইজৰ।
জনীয়া ২০ জুলাই: কলগাছিয়াৰ সুতিৰপাথাৰ আৰু খাৰবাল্লী বান শিবিৰত বৰ্ণাত্যৰ মাজত খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা আৰু পশু খাদ্যৰ বাবে সৃষ্টি হৈছে এক হাহাকাৰ। বিশুদ্ধ খোৱা পানী আৰু চিকিৎসা নোপোৱা বাবে বিভিন্ন ৰোগত আক্ৰান্ত বৰ্ণাত্য।Body:slug: as_jania_20jul_flood_effected_camp_vis2+byt3_spl_package_story_asc10058
VO-1: বেঁকী নৈৰ বানপানী কমিছে। কিন্তু কমা নাই বান পানীৰ বিভীষিকা। ৯ দিন ধৰি ঘৰৰ ভিতৰত এক আঁঠু পানী। যাৰ ফলত কলগাছিয়াৰ সুতিৰপাথাৰ আৰু খাৰবাল্লী গাঁওৰ বৰ্ণাত্য লোক এতিয়াও বান শিবিৰত। আঁঠুৱা নোহোৱাকৈ পশুধনৰ লগত কৰিব লগা হৈছে সহৱস্থান। খাব লগা হৈছে বেঁকী নৈৰ লেতেৰা পানী। যাৰ ফলত শিবিৰ সমূহত থকা বৰ্ণাত্য আৰু পশুধনৰ মাজত দেখা গৈছে বেমাৰ-আজাৰ। সুতিৰপাথাৰ আৰু খাৰবাল্লী বান শিবিৰত কেইবাজনো লোক ডাইৰিয়া আৰু জ্বৰত আক্ৰান্ত। কিন্তু যাতায়ত ব্যৱস্থা ব্যাহত হোৱাত কৰিব পৰা নাই চিকিৎসা, ৰোগীক ভৰ্তি কৰিব পৰা নাই চিকিৎসালয়ত। ইয়াৰ উপৰিও বান শিবিৰ সমূহত বৰ্ণাত্যৰ মাজত খাদ্য, বিশুদ্ধ খোৱা পানী, চিকিৎসা আৰু পশু খাদ্যৰ বাবে সৃষ্টি হৈছে এক হাহাকাৰ পৰিস্থিতিৰ। শিবিৰ সমূহত পোৱা নাই চিকিৎসা, পোৱা নাই বিশুদ্ধ খোৱা পানী, পোৱা নাই পৰ্যাপ্ত খাদ্য সামগ্ৰী বুলি অভিযোগ বৰ্ণাত্যৰ। যাৰ ফলত এতিয়া শিবিৰ সমূহত দেখা দিছে বিভিন্ন বেমাৰ-আজাৰে। খাদ্যৰ অভাৱত মৰিবলৈ আৰম্ভ কৰিছে পশুধন। এই ক্ষেত্ৰত চৰকাৰক অতি সোনকালে মানুহ আৰু পশুৰ খাদ্য সামগ্ৰীৰ লগতে চিকিৎসাৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰিছে বৰ্ণাত্যই।Conclusion:slug: as_jania_20jul_flood_effected_camp_vis2+byt3_spl_package_story_asc10058
মন্তব্য: বৰ্ণাত্যৰ মন্তব্য।
জনীয়াৰ পৰা স্বফিকুল হাছান, ই টিভি ভাৰত অসম।