ETV Bharat / state

আত্মহত্যা নে হত্যাকাণ্ড! সৰভোগত চিপ লোৱা অৱস্থাত বোৱাৰীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Sep 13, 2019, 11:57 PM IST

সৰভোগত ডিঙিত চিপজৰী লৈ এগৰাকী বোৱাৰীৰ আত্মহত্যা কৰা ঘটনাই সৰভোগত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে ৷ বোৱাৰী গৰাকীক স্বামীয়ে হত্যা কৰি চিপ লগাই থোৱাৰ অভিযোগ বোৱাৰী গৰাকীৰ পিতৃ পৰিয়ালৰ লগতে গাওঁবাসীৰ ৷

বৰপেটাৰোড

বৰপেটাৰোড, ১৩ চেপ্তেম্বৰঃ বৰপেটা জিলাৰ পাটাছাৰকুছি আৰক্ষী থানাৰ অন্তৰ্গত নিজসৰিয়হ গাঁৱৰ গনেশ ৰয়ৰ কন্যা ববিতা ৰয়ে সৰভোগৰ স্বামীগৃহত আত্মহত্যা কৰা ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ঘটনাৰ বিৱৰণী মতে সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ গাঁৱৰ উদয় নাথৰ পুত্ৰ জ্যোতি প্ৰসাদ নাথৰ লগত বিবাহত বহিছিল ববিতা ৰয় । ববিতাৰ পৰিয়ালৰ অভিযোগ অনুসৰি বিবাহৰ পিছৰে পৰা দীৰ্ঘদিন ধৰি স্বামী জ্যোতি প্ৰসাদ নাথে শাৰিৰীক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল ববিতাক।

আত্মহত্যা নে হত্যাকাণ্ড!

ববিতাৰ পৰিয়ালৰ ভাষ্য অনুসৰি বহু ধৈৰ্য-সহ্যৰে স্বামীৰ লগত দিন অতিবাহিত কৰিছিল ববিতাই ৷ কিন্তু বৃহস্পতিবাৰে নিশা ববিতাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে স্বামী জ্যোতি প্ৰসাদ নাথে ৷ এটি ডেৰ বছৰীয়া কন্যা সন্তানৰ মাতৃ ববিতাক ঘৰত কোনো নথকাৰ সুযোগ লৈ স্বামীয়ে হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত কৰিছে পৰিয়ালৰ লোকে। ইতিমধ্যে সৰভোগ আৰক্ষীয়ে স্বামী জ্যোতি প্ৰসাদ নাথক আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

Intro:বৰপেটাৰোড ১৩ চেপ্তেম্বৰ - সৰভোগত ডিঙিত চীপজৰী লৈ এগৰাকী বোৱাৰীৰ আত্মহত্যা কৰা ঘটনাই সৰভোগত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি হৈছে ৷ বোৱাৰী গৰাকীক স্বামীয়ে হত্যা কৰি চীপ লগাই থোৱাৰ অভিযোগ বোৱাৰী গৰাকীৰ পিতৃ পৰিয়ালৰ লগতে গাওঁবাসীৰ ৷Body:বৰপেটা জিলাৰ পাটাছাৰকুছি আৰক্ষী থানাৰ অন্তৰ্গত নিজসৰিয়হ গাৱঁৰ গনেশ ৰয়ৰ কন্যা বৱিতা ৰয় (২১) নামৰ বোৱাৰী গৰাকীয়ে সৰভোগ স্বামী গৃহত আত্মহত্যা কৰা ঘটনাই সৰভোগ অঞ্চলব্যাপী তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী মতে সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত ৰামপুৰ গাৱঁৰ উদয় নাথৰ পুত্ৰ জ্যোতি প্ৰসাদ নাথৰ লগত বৱিতা ৰয়ৰ কেই বছৰমানৰ পূৰ্বে বিবাহ সম্পন্ন হৈছিল।বিবাহৰ পিছৰে পৰা পত্নী বৱিতা ৰয়ক দীৰ্ঘদিন ধৰি স্বামী জ্যোতি প্ৰসাদ নাথে শাৰিৰীক আৰু মানসিক অত্যাচাৰ কৰি আহিছিল। ববীতাই বহু ধৈৰ্য-সহ্যৰে স্বামীৰ লগত দিন অতিবাহিত কৰিছিল যদিও যোৱা নিশা ববীতাৰ পাষণ্ড স্বামী জ্যোতি প্ৰসাদ নাথে হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছে বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে৷ বোৱাৰী গৰাকীৰ এটি ডেৰ বছৰীয়া কন্যা সন্তানৰ মাতৃ আছিল ৷ যোৱা নিশা ঘৰত কোনো নথকাৰ সুযোগ লৈ বৱিতাক জ্যোতি প্ৰসাদ নাথে হত্যা কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত পৰিয়ালৰ লোকে। ইতিমধ্যে সৰভোগ আৰক্ষীয়ে স্বামী জ্যোতি প্ৰসাদ নাথক আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷
Conclusion:Abdul Khaleque Ahmed
Etv Bharat
Barpeta road
9957907059
Dt 13.09.19
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.