ETV Bharat / state

নিউ গুৱাহাটীত চুৰি হোৱা ৰেফ্ৰিজাৰেটৰ জব্দ বৰপেটাৰ বহৰিত

নিউ গুৱাহাটীৰ বি জি ৱাৰ্ডৰ পৰা ৰেফ্ৰিজাৰেটৰসহ চুৰি হোৱা ট্ৰাক জব্দ কৰা হৈছে বৰপেটা জিলাৰ বহৰিত ৷ এই ঘটনাৰ লগত জড়িত দুজন লোককো আটক কৰে আৰক্ষীয়ে ৷ বৰ্তমান ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত ৷

author img

By

Published : Jul 30, 2020, 7:41 PM IST

barpeta-truck- Seized-police-Refrigerator
নিউ গুৱাহাটীত চুৰি হোৱা ৰেফ্ৰিজাৰেটৰ জব্দ বৰপেটাৰ বহৰিত

বৰপেটা,৩০ জুলাই: নিউ গুৱাহাটীৰ বি জি য়াৰ্ডৰ পৰা ৰেফ্ৰিজাৰেটৰসহ চুৰি হোৱা এখন ট্ৰাক জব্দ কৰা হৈছে বৰপেটাৰ বহৰিত ৷ ২৭ জুলাইৰ নিশা বি জি ৱাৰ্ডৰ পৰা 'whirlpool' কোম্পানীৰ ১৭ টা ৰেফ্ৰিজাৰেটৰ চুৰি হৈছিল ৷ চুৰি হোৱাৰ পাছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত ৷

বুধবাৰে নিশা গুৱাহাটীৰ ৰেল আৰক্ষী আৰু নুনমাটি থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত এটা দলে বৰপেটাত উপস্থিত হৈ বহৰিৰ পৰা ট্ৰাকখন জব্দ কৰাৰ লগতে কলগাছিয়াৰ মেৰাজুল হক নামৰ লোকজনৰ দোকানৰ পৰা উদ্ধাৰ কৰা হৈছে চুৰি ৰেফ্ৰিজাৰেটৰসমুহ ৷

অন্য এক খবৰৰ বাবে:কৰ'ণা ত্ৰাসৰ মাজত কেনেদেৰে চলিছে ঈদ-উজ-জোহাৰ প্ৰস্তুতি?

এই ঘটনা সন্দৰ্ভত কলগাছিয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ জ্যোতি দাসৰ সহযোগত এই চুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ অভিযোগত সৰভোগৰ মেদা গাঁৱৰ ডিম্পুল আলী আৰু কলগাছিয়াৰ গুলেজা গাঁৱৰ বাতেন আলীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমানেও এই ঘটনাৰ সৈতে জড়িত মেৰাজুল হক পলাতক হৈ আছে ।

উল্লেখ্য যে,উদ্ধাৰ হোৱা ৰেফ্ৰিজাৰেটৰসমুহৰ লগতে দুয়োজন অভিযুক্তকে তদন্তৰ খাটিৰত গুৱাহাটীলৈ লৈ যায় আৰক্ষীয়ে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.