ETV Bharat / state

বিশ্বশান্তিৰ উদ্দেশ্যে 30 জুলাইত সামূহিক প্ৰাৰ্থনাৰ আহ্বান সত্ৰাধিকাৰসকলৰ

author img

By

Published : Jul 26, 2020, 12:31 PM IST

উল্লেখ্য যে, পৌৰাণিক কিংবদন্তি অনুসৰি, আহাৰ মাহৰ পূৰ্ণিমা তিথিত সমুদ্ৰ মন্থন কৰোতে যি বিষৰ উদ্গীৰণ হৈছিল সেই বিষ পান কৰি ব্ৰহ্মাণ্ড ধ্বংস হোৱাৰ পৰা মহাদেৱে ৰক্ষা কৰিছিল ৷ বিষ পানৰ পাছত যন্ত্ৰণাত জৰ্জৰিত শিৱৰ সৰ্বশৰীৰৰ উপশমৰ বাবে দেৱকূলে বিভিন্ন উপায় অৱলম্বন কৰিও ব্যৰ্থ হৈছিল ৷ অৱশেষত শাওণ মাহৰ পবিত্ৰ একাদশী তিথিত ভগৱান বিষ্ণু প্ৰকট হৈ মহাদেৱৰ কন্ঠ স্পৰ্শ কৰি যন্ত্ৰণা নিৰ্বাপিত কৰাৰ লগতে সমুদ্ৰ মন্থনে বিশ্বৰ মংগল সূচনা কৰাৰ মন্ত্ৰ প্ৰদান কৰিছিল ৷ সেয়ে শাওণ মাহৰ একাদশী তিথিৰ মহত্বক সনাতন ধৰ্মীয় পৰম্পৰাত বিশেষ মান্যতা প্ৰদান কৰা হয় বুলি অৱগত কৰে সত্ৰাধিকাৰসকলে ৷

Barpeta
বৰপেটা

বৰপেটা, ২৬ জুলাইঃ COVID 19 ৰ পৰা মুক্তি আৰু সমগ্ৰ বিশ্ববাসীৰ মংগল কামনাৰে ৩০ জুলাইত ৰাজ্যবাসীক সামূহিক প্ৰাৰ্থনাৰ আহ্বান জনাইছে ৰাজ্যৰ কেবাগৰাকীও সত্ৰাধিকাৰে ৷ সনাতনমূলীয় আধ্যাত্মিক পৰম্পৰাৰে শাওণ মাহৰ শুক্লা একাদশী তিথি উপলক্ষে ৩০ জুলাইত সমগ্ৰ ৰাজ্যবাসীক সামূহিক মংগলধ্বনি অনুষ্ঠানত অংশ ল'বলৈও আহ্বান জনাইছে ৰাজ্যৰ কেবাগৰাকীও সত্ৰাধিকাৰৰ লগতে সত্ৰ মহাসভা, শ্ৰীমন্ত শংকৰদেৱ সংঘ, একশৰণ ভাগৱতী সমাজ, সদৌ অসম দেৱালয় সংঘ, হৰেকৃষ্ণ মুভমেন্ট, সৎসংগ বিহাৰ, ব্ৰহ্মধৰ্ম সমিতি, লক্ষীমন সংঘ আৰু বাথৌ (শিৱ)ধৰ্ম সংঘ আদি একাধিক ধৰ্মাণুষ্ঠানে ৷

সামূহিক মংগলধ্বনি অনুষ্ঠানত অংশগ্ৰহনৰ বাবে আহ্বান জনাই দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ ননীগোপাল দেৱগোস্বামী, আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ ড0 পীতাম্বৰ দেৱগোস্বামী, বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মা, মায়ামৰা দিনজয় সত্ৰৰ সত্ৰাধিকাৰ যোগদানন্দ চন্দ্ৰ গোস্মামী, উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামী, চাঙিনী সত্ৰৰ সত্ৰাধিকাৰ যোগেন্দ্ৰ লাগাচু, বৰদোৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, বীৰবল সত্ৰৰ সত্ৰাধিকাৰ ৰাজেশ্বৰ মহাপাত্ৰ আদি সত্ৰাধিকাৰ সকলে ৷

লগতে পঢ়কঃ ৰঙাপৰাত ভুৱা পৰিচয়েৰে ধৰ্মান্তকৰণৰ চেষ্টা কিশোৰীক

সেয়ে ৩০ জুলাইৰ সন্ধিয়া ৬ বাজি ৪৫ মিনিটত ৰাজ্যবাসীক নিজ-নিজ গৃহত, উপাসনাস্থলীত, কীৰ্তনঘৰত, মন্দিৰত আৰু নিজা গোসাই ঘৰ বা থাপনাত এগছি বন্তি প্ৰজ্বলন কৰি প্ৰাৰ্থনাত অংশ লোৱাৰ লগতে দবা, শংখ, ঘন্টা, বৰকাঁহ, তাল, খোল, আদি দেৱবাদ্যসমূহ বজোৱাৰ লগতে উৰুলি দিবলৈ আহ্বান জনাইছে ৷ ৷ এই অনুষ্ঠান সফল কৰাৰ বাবে সত্ৰাধিকাৰ সকলৰ লগতে সত্ৰমহাসভাৰ সভাপতি জিতেন্দ্ৰনাথ প্ৰধানি, সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্ত, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈ, প্ৰধান সম্পাদক বাবুল বৰা আদিকে ধৰি কেবাগৰাকীও লোকে স্বাক্ষৰ কৰিছে ৷ ইপিনে দেওবাৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মায়ো সংবাদমাধ্যমৰ জৰিয়তে এই সামূহিক প্ৰাৰ্থনা আৰু সামূহিক মংগলধ্বনিৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি সকলোকে বিশ্বশান্তিৰ প্ৰাৰ্থনা আৰু অতিমাৰীৰ পৰা মুক্তিৰ বাবে প্ৰাৰ্থনা জনাবলৈ আহ্বান জনাইছে ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.