ETV Bharat / state

সত্ৰীয়া পৰম্পৰাৰে মেজি প্ৰজ্বলন বৰপেটা সত্ৰত - বৰপেটা সত্ৰৰ টুপৰ চোতাল

ব্যতিক্ৰমী সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত পালন কৰা হ'ল মাঘ বিহুৰ পৰম্পৰা ৷ সত্ৰখনৰ টুপৰ চোতালৰ বিৰিণাৰে সজা মেজিৰ জুই প্ৰদক্ষিণ কৰিলে একাংশ ভক্তই ৷

মেজি প্ৰজ্বলন বৰপেটা সত্ৰত
মেজি প্ৰজ্বলন বৰপেটা সত্ৰত
author img

By

Published : Jan 16, 2020, 4:26 PM IST

বৰপেটা, 16 জানুৱাৰীঃ লোক সংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সংমিশ্ৰণত সত্ৰ নগৰী বৰপেটাত ভোগালী বিহু এক স্বকীয় ৰূপত পালন কৰি অহা হৈছে ৷ সত্ৰীয়া সংস্কৃতিৰ সংযম আৰু নামৰ প্ৰভাৱে সামৰি লৈছে ভোগৰ উৎসৱ ভোগালী বিহুৰ দৰে লৌকিক উৎসৱকো ৷ বৰপেটা সত্ৰত মাঘৰ পহিলা তাৰিখটো বৰদোমাহী হিচাপে পালন কৰা হয় ৷ পুহৰ 29 তাৰিখে উৰুকা পালন কৰাৰ পাচত 1 মাঘৰ পুৱা সত্ৰৰ নৈমিত্তিক প্ৰসংগৰ পিচত পূৰ্বৰে পৰা চলি অহা ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত অগ্নি সংযোগ কৰা হয় ৷ পুহৰ সংক্ৰান্তিৰ পৰা 4 মাঘলৈ বৰপেটা সত্ৰত পাঁচ দিনীয়াকৈ মাঘৰ দোমাহী পালন কৰা হয় ৷ উল্লেখ্য যে,সত্ৰীয়া ৰীতি অনুসৰি বৰপেটা সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলন কৰাৰ পিচতহে সত্ৰ নগৰীখনৰ হাটীয়ে হাটীয়ে সজা মেজি সমুহ প্ৰজ্বলন কৰা হয় ৷

সত্ৰীয়া পৰম্পৰাৰে মেজি প্ৰজ্বলন বৰপেটা সত্ৰত

লগতে পঢ়কঃ ব্যতিক্ৰমী সত্ৰীয়া পৰম্পৰাৰে বৰপেটাবাসীৰ হেঁপাহৰ উৰুকা

Intro:
বৰপেটা ১৬ জানুৱাৰীঃ সত্ৰীয়া ৰীতি পৰম্পৰাৰে আজিহে বৰপেটা সত্ৰত জ্বলোৱা হল মাঘৰ উৰুকাৰ মেজি ৷ ১৫ জানুৱাৰীত উৰুকা পালন কৰাৰ পাছত ১৬ জানুৱাৰীৰ পুৱা সত্ৰৰ নৈমিত্তিক প্ৰসঙ্গৰ পিছত পুৰ্বাপৰ চলি অহা ৰীতিৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজিত অগ্নি সংযোগ কৰা হয় ৷ সত্ৰৰ টুপৰ চোতালত মেজি জ্বলোৱা সময়ত উপস্থিত থাকে বৰপেটা সত্ৰ বুঢ়া সক্ৰীয়া বশিষ্ঠ শৰ্মা, ডেকা সত্ৰীয়া নৱজিৎ দাসকে ধৰি সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ ৷ Body:বৰপেটা সত্ৰত মাঘৰ মেজি জলোৱা আৰু বিহু উপলক্ষে সত্ৰত সেৱা জনাবলৈ বহু ভক্তৰ সমাগম হয় ৷ পৰম্পৰা অনুযায়ী পুহৰ সংক্ৰান্তিৰ পৰা ৪ মাঘলৈ বৰপেটা সত্ৰত ৫ দিনীয়াকৈ মাঘৰ দোমাহী পালন কৰা হয় ৷ এই ৫ দিনে সত্ৰত নিত্যপ্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসঙ্গৰ সংযোজন কৰা হয় ৷ লোকসংস্কৃতি আৰু সত্ৰীয়া সংস্কৃতিৰ সংমিশ্ৰণত সত্ৰ নগৰী বৰপেটাত ভোগালী বিহুৱে এক স্বকীয়ৰূপ ধাৰণ কৰি আহিছে ৷ সত্ৰীয়া সংস্কৃতিৰ সংযম আৰু নামৰ প্ৰভাৱে সামৰি লৈছে ভোগৰ উৎসৱ ভোগালী বিহুৰ দৰে লৌকিক উৎসৱকো ৷ বৰপেটা সত্ৰত মাঘৰ পহিলা তাৰিখটো বৰদোমাহী হিচাপে পালন কৰা হয় ৷ বৰদোমাহীৰ দিনা বৰপেটা সত্ৰত ৰাতিপুৱাৰ নিত্য-নৈমিত্তিক প্ৰসঙ্গৰ পিছত সত্ৰৰ টুপৰ চোতালত মেজি প্ৰজ্বলন কৰা হয় ৷ মেজিৰ জুই পুওৱাৰ লগতে সত্ৰত সেৱা জনাবলৈ পুৱাৰে পৰা সত্ৰত সমবেত হয় অগনন ভক্ত ৷ ভক্তৰ সমাগমত বৰপেটা সত্ৰৰ চৌহদ লোকাৰণ্য হৈ পৰে ৷ অগ্নিত প্ৰজ্বলিত মেজিৰ ছাঁইৰে কপালত তিলক লৈ প্ৰতিজন ভক্ত ঘৰমুৱা হয় ৷ আনহাতে আজি সত্ৰত পুৱা নিত্য প্ৰসঙ্গত ভতিমা, নাম-প্ৰসঙ্গ আৰু ভাগৱত পাঠ প্ৰসংগৰ পিছত নৈমিত্তিক প্ৰসঙ্গত গায়ন-বায়নে গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিবেশন কৰাৰ পিচত আবেলি সত্ৰৰ মঠৰ চোতালত ঘোষাকীৰ্তন, সৰু ধেমালী আৰু ব্যাস কীৰ্তন কৰা হয় ৷ আনহাতে বৃহত্তৰ বৃন্দাবন হাটীৰ ৰাইজেও বৰদোমাহীৰ দিনা ৰাতিপুৱা মেজি জ্বলোৱাৰ পূৰ্বে নদীত গা ধুৱলৈ যায় ৷ নদীত গা ধুই ঘূৰি অহাৰ পৰত প্ৰতিটো পৰিয়ালৰ লোকসকলে ঘৰৰ পদুলিয়ে পদুলিয়ে ভকতৰ দলতোক সেৱা জনায় ৷ তাৰ পিছত বৃন্দাৱন হাটীৰ বাটচৰাৰ কাষত নিৰ্মিত মেজিৰ জুই জ্বলাই মেজিৰ চাৰিওকাষে নাম গাই মেজি প্ৰদক্ষিণ কৰি মেজিত অগ্নি প্ৰজ্বলন কৰে ৷ সত্ৰীয়া ৰীতি অনুসৰি বৰপেটা সত্ৰৰ টুপৰ চোতালক মেজি প্ৰজ্বলন কৰাৰ পিছতহে সত্ৰ নগৰী খনৰ হাটীয়ে হাটীয়ে সজা মেজি সমুহ প্ৰজ্বলন কৰা হয় ৷ সৰ্বস্তৰৰ লোকে মাহ-প্ৰসাদ, ফল-মুল আদিৰে নৈবেদ্য আগবঢ়াই উৎসাহ-উদীপনাৰে মেজি জ্বলোৱা কাৰ্যত অংশ গ্ৰহণ কৰে ৷

Conclusion:বাইট: বশিষ্ঠ শৰ্মা, বুঢ়া সত্ৰীয়া, বৰপেটা সত্ৰ

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.