ETV Bharat / state

অচিনাক্ত যুৱকৰ স'তে পুৱতি নিশা ষ্টেট বেংকত প্ৰৱেশ বেংক কৰ্মীৰ!! চাঞ্চল্য়.. - বৰপেটাৰ সৰ্থেবাৰীৰ ষ্টেট বেংক

বেংকটোৰ কাষতে থকা ATM সুৰক্ষাৰ দায়িত্বত নিয়োজিত দুই গৃহৰক্ষীয়ে বেংক বিষয়া কেইজনক অন্য যুৱকৰ স'তে পুৱতি নিশা বেংকত প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীক খবৰ দিয়া বুলি জানিব পাৰি বেংকত প্ৰৱেশ কৰা ব্যক্তি কেইজনে গৃহৰক্ষীদ্বয়ক প্ৰচণ্ড মাৰপিট কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বেংকটোৰ পৰা লোককেইজনক বাহিৰলৈ উলিয়াই আনে ৷

বৰপেটা
author img

By

Published : Nov 3, 2019, 8:34 PM IST

বৰপেটা, ৩ নৱেম্বৰ: বৰপেটাৰ সৰ্থেবাৰীৰ ষ্টেট বেংক শাখাত শনিবাৰে পুৱতি নিশা সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৷ নিশা প্ৰায় 3 বজাত বেংকটোত তিনিজন ব্যক্তি প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় হাহাকাৰ পৰিস্থিতিৰ ৷ তথ্য অনুসৰি শনিবাৰে নিশা ষ্টেট বেংকৰ শাখাটোত তিনিজন ব্যক্তি ক্ৰমে সৰ্থেবাৰী শাখাৰ শাখা বিষয়া সমীৰ ছেত্ৰী, সৰ্থেবাৰীৰ নসত্ৰ কৃষ্ণগুৰু শাখাৰ শাখা বিষয়া প্ৰহ্লাদ শইকীয়া আৰু ৰিংখং বাগলাৰী নামৰ এজন যুৱক প্ৰৱেশ কৰে ৷

আনহাতে বেংকটোৰ কাষতে থকা ATM সুৰক্ষাৰ দায়িত্বত নিয়োজিত দুই গৃহৰক্ষীয়ে বেংক বিষয়া কেইজনক অন্য যুৱকৰ স'তে পুৱতি নিশা বেংকত প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে ৷ আৰক্ষীক খবৰ দিয়া বুলি জানিব পাৰি বেংকত প্ৰৱেশ কৰা ব্যক্তি কেইজনে গৃহৰক্ষীদ্বয়ক প্ৰচণ্ড মাৰপিট কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বেংকটোৰ পৰা লোককেইজনক বাহিৰলৈ উলিয়াই আনে ৷

সৰ্থেবাৰী ষ্টেট বেংক শাখাত উত্তপ্ত পৰিস্থিতি

উল্লেখ্য যে, বেংক কৰ্মচাৰীদ্বয়ৰ সৈতে থকা তৃতীয় ব্যক্তিজন গুৱাহাটীৰ ৰিংখং বাগলাৰী বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ আনহাতে নিশা অচিন যুৱকক লগত লৈ বেংকত প্ৰৱেশ কৰাৰ কোনো উত্তৰ নাই বেংক বিষয়া দুজনৰ হাতত ৷ উক্ত ঘটনাত আৰক্ষীৰ ভূমিকাও ৰহস্যজনক বুলি মন্তব্য কৰে স্থানীয় লোকে ৷ কাৰণ আৰক্ষীয়ে যুৱক কেইজনক গ্ৰেপ্তাৰ কৰি সোধপোছ কৰাৰ পৰিৱৰ্তে ব্যক্তিগত জামিনত মুকলি কৰি দিয়া বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷

Intro:
বৰপেটা ৩ নৱেম্বৰ: বৰপেটাৰ সৰ্থেবাৰীৰ ষ্টেট বেংক শাখাত পুৱতি নিশা পুৱতি নিশা বেংকটোত তিনিজন লোক সোমোৱাক লৈ চাঞ্চল্য ৷

লগে লগে সৰ্থেবাৰী আৰক্ষীয়ে বেংকৰ ভিতৰৰ পৰা তিনিওজন লোকক বাহিৰলৈ উলিয়াই আনি সোধপোছ কৰে ৷

আৰক্ষীৰ আগত লোক তিনিজনে নিজকে বেংকৰ বিষয়া বুলিহে পৰিচয় দিয়ে ৷

বেংকটোক প্ৰৱেশ কৰা সকলৰ ভিতৰত বেংকটোৰ সৰ্থেবাৰী শাখাৰ শাখা বিষয়া সমীৰ ছেত্ৰী অন্যতম ৷

আনগৰাকী সৰ্থেবাৰীৰ নসত্ৰ কৃষ্ণগুৰু শাখাৰ শাখা বিষয়া প্ৰহ্লাদ শইকীয়া ৷

বেংক বিষয়া দুগৰাকীৰ সৈতে বেংকটোত প্ৰবেশ কৰা আনজন যুৱকৰ নাম ৰিংখং বাগলাৰী ৷

ৰিংখং বাগলাৰীৰ ঘৰ গুৱাহাটীত বুলিও সদৰি কৰিছে আৰক্ষীয়ে ৷

Body:বেংকৰ দুজনকৈ শাখা বিষয়াই আন যুৱকক লৈ পুৱতি নিশা কিয় প্ৰৱেশ কৰিছিল বেংকৰ ভিতৰত, ইয়াকে লৈ সমগ্ৰ সৰ্থেবাৰী চহৰতে সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ৷

ইপিনে বেংকৰ ভিতৰত কোনো লোক প্ৰবেশ কৰা বুলি আৰক্ষীক খবৰ দিয়াৰ অপৰাধত দুই গৃহৰক্ষী বাহিনীক প্ৰচণ্ড মাৰপিট দুই বেংক বিষয়া আৰু যুৱকজনৰ ৷

যোৱা নিশা প্ৰায় তিনি বাজি ৩০ মিনিটত সংঘটিত হৈছিল এই ঘটনা ৷

যোৱা নিশা বেংকৰ ভিতৰত কোনো সন্দেহজনক লোক প্ৰৱেশ কৰা প্ৰত্যক্ষ কৰিছিল দুই গৃহৰক্ষী জোৱানে ৷

বেংকৰ কাষতে থকা এটিএমৰ সুৰক্ষাৰ দায়িত্বত নিয়োজিত গৃহৰক্ষী বাহিনীৰ জোৱানে আৰক্ষীক দিছিল বেংকটোত কোনো সন্দেহজনক লোক প্ৰবেশ কৰাৰ খবৰ ৷

এই খবৰ পায়েই বেংকটোত আৰক্ষী বাহিনী উপস্থিত হৈ বেংকটোৰ ভিতৰৰ পৰা বাহিৰলৈ উলিয়াই আনে লোককেইজনক ৷

অবশ্যে আৰক্ষীৰ আগত নিজকে বেংক বিষয়া বুলি চিনাকি দিয়াৰ পিচতে সৃষ্টি হয় ৰহস্যৰ ৷

ৰহস্যজনকভাৱে নিশা বেংকৰ ভিতৰত অকতৃত্বশীলভাৱে বেংক বিষয়া আৰু অচিন যুৱক কিয় প্ৰবেশ কৰিছিল এই কথাৰ উচিত উত্তৰ নাই বেংক বিষয়াদুজনৰ হাতত ৷

আৰক্ষীয়ে লগে লগে তিনিওজনকে সৰ্থেবাৰী থানালৈ লৈ অহাৰ লগতে নিশাই স্বাস্থ্য পৰীক্ষা কৰে ৷

কিন্তু আৰক্ষীয়ে ৰহস্যজনক কাৰণত তেওলোকক গ্ৰেপ্তাৰ কৰি সোধপোছ কৰাৰ পৰিৱৰ্তে ব্যক্তিগত জামিনত মুকলি কৰি দিয়ে ৷

বেংকৰ ভিতৰত পুৱতিনিশা অচিনাক্ত যুৱকৰ সৈতে এনেদৰে দুগৰাকী বেংক বিষয়া আৰু এগৰাকী অচিনাকী যুৱকক লৈ প্ৰৱেশৰ এনে ঘটনাৰ পিচতো কিয় তেওলোকক জামিনত যাবলৈ দিলে আৰক্ষীয়ে সেই কথাক লৈ ৰাইজৰ মাজত তীব্ৰ সৃষ্টি হৈছে অসন্তুষ্টিৰ ৷ Conclusion:বাইট: হোমগাৰ্ড.
বাইট: বিজয় ভূঞা, সৰ্থেবাৰী নগৰ সমিতিৰ সভাপতি

---- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.