বৰপেটা 28 মে’: দুমাহৰ পিচত বৃহস্পতিবাৰে মুকলি হ'ল বৰপেটাৰ ৰাজীৱ ভৱনৰ দুৱাৰ ৷ বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেক আৰু বিধায়ক আব্দুৰ ৰহিম আহমেদৰ নেতৃত্বত দলীয় কৰ্মীসকলে ইটাৰ দেৱাল ভাঙি জিলা কংগ্ৰেছৰ মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনৰ দুৱাৰ মুকলি কৰে ৷ বৰপেটা সমষ্টিত হিন্দু প্ৰাৰ্থী প্ৰক্ষেপৰ বিষয়ত সাংসদ আব্দুল খালেকে কৰা সাম্প্ৰদায়িক মন্তব্যক লৈ ক্ষুব্ধ হৈ পৰা কংগ্ৰেছ কৰ্মীয়ে বিগত 6 এপ্ৰিলত ৰাজীৱ ভৱনৰ মুখ্য দুৱাৰ বন্ধ কৰি ইটাৰ দেৱাল নিৰ্মাণ কৰিছিল ৷ আনকি, কংগ্ৰেছৰ ক্ষুব্ধ দলীয় নেতা কৰ্মীসকলে সাংসদ আব্দুল খালেকৰ সাম্প্ৰদায়িক মন্তব্যৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দলীয় নেতৃত্বক দাবী জনাইছিল যদিও কংগ্ৰেছ নেতৃত্বই বিষয়টোত কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহ’ল ৷
উল্লেখ্য যে, কংগ্ৰেছত আৰম্ভ হোৱা সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে মাত মতা আৰু ৰাজীৱ ভৱনৰ দুৱাৰ বন্ধ কৰা জিলা কংগ্ৰেছৰ 9 জনকৈ নেতা-কৰ্মীক দলৰ পৰা নিলম্বন কৰিছিল কংগ্ৰেছে ৷ ইপিনে, সাংসদ খালেকে সাম্প্ৰদায়িক মন্তব্য কৰা বুলি উত্থাপিত অভিযোগ সম্পৰ্কে দলৰ নেতৃত্বই ব্যৱস্থা গ্ৰহণ কৰাৰ বিপৰীতে খালেকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি নিলম্বিত হৈ থকা সকলকহে ওলোটাই ক্ষমা খুজিবলৈ চৰ্ত আৰোপ কৰিছে সাংসদগৰাকীয়ে ৷
আনহাতে, নিলম্বিত দলীয় নেতা-কৰ্মী সকলে ক্ষমা বিচাৰিলে নিলম্বন উঠাই লোৱাৰ চৰ্তও ৰাখিছে সাংসদ খালেকে ৷ ইপিনে, 1951 চনৰ ভিত্তিবৰ্ষক লৈ এনআৰচি উন্নীতকৰণৰ সিদ্ধান্তক কংগ্ৰেছে বিৰোধিতা কৰিব বুলিও মন্তব্য কৰে সাংসদ আব্দুল খালেকে ৷ ইপিনে, ৰাজ্যবাসীক ক'ভিড নীতি মানি চলিবলৈ আহ্বান জনোৱাৰ লগতে হোম আইচ'লেচনত থকা ৰোগীসকলক বিনামূলীয়াকৈ অক্সিমিটাৰ যোগান ধৰিব বুলিও প্ৰকাশ কৰে সাংসদগৰাকীয়ে ৷
লগতে পঢ়ক : খটখটীত ড্ৰাগছ আৰু নগধ ধন সহ গ্ৰেপ্তাৰ তিনি ড্ৰাগছ ব্যৱসায়ী