বৰপেটা, ২২ ফেব্ৰুৱাৰীঃ আগন্তুক বিটিআৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব অগপই ৷ বিজেপি,বিপিএফৰ সৈতে মিত্ৰতাৰে নিৰ্বাচনী যুঁজত নামিব অগপ | বিটিআৰ আৰু পৌৰ সভাৰ নিৰ্বাচন সন্দৰ্ভত আজি বৰপেটাত এখন দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে খাদ্য আৰু যোগান মন্ত্ৰী তথা অগপ নেতা ফনীভূষণ চৌধুৰীয়ে ৷ বিজেপিৰ মিছন 100 সম্পৰ্কতো মন্তব্য প্ৰকাশ কৰাৰ লগতে 2021 চনৰ নিৰ্বাচনত অগপৰ আসনৰ সংখ্যা বৃদ্ধি হ'ব বুলিও দাবী কৰে মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃ থলুৱা যুৱকৰ আগবঢ়াই লৈ যোৱা চতিয়াৰ বিধায়কজন