ETV Bharat / state

সমাগত দীপাৱলী; আতচবাজীৰে ৰাইজক পোহৰ বিলাবলৈ সাজু বৰপেটাৰ আতচবাজী শিল্পী

বৰপেটাৰ ঐতিহ্যক জীয়াই ৰখাৰ স্বাৰ্থতেই পলমকৈ হ’লেও আতচবাজী প্ৰস্তুতৰ কাম আৰম্ভ কৰিছে বৰপেটাৰ থলুৱা আতচবাজী শিল্পীসকলে ৷ বিগত বছৰবোৰৰ তুলনাত এইবেলি আতচবাজী প্ৰস্তুতৰ ক্ষেত্ৰত অধিক সমস্যাৰ মুখামুখি হ’বলগীয়া হৈছে শিল্পটোৰ সৈতে জৰিত লোকসকল ৷

Barpeta fireworks artist ready for Diwali
দীপাৱলীৰ বাবে সাজু বৰপেটাৰ আতচবাজী শিল্পী
author img

By

Published : Oct 28, 2021, 3:23 PM IST

বৰপেটা, 27 অক্টোবৰ : পোহৰৰ উৎসৱ দীপাৱলীলৈ মাজত আছে মাথোঁ কেইটামান দিন ৷ দীপাৱলীৰ তমসাচছন্ন আকাশ পোহৰাই তুলিবলৈ এতিয়া সাজু হৈ উঠিছে বৰপেটাৰ থলুৱা আতচবাজী উদ্যোগীসকল ৷ ৰাজ্যখনৰ অন্যান্য প্ৰান্তৰ লগতে দীপাৱলীক কেন্দ্ৰ কৰি বৰপেটাতো থলুৱা আতচবাজী শিল্পীসকলৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যস্ততা ৷ বৰপেটাৰ থলুৱা আতচবাজী শিল্পীসকলে আগন্তুক দীপাৱলীৰ বাবে দিন-ৰাতি একাকাৰ কৰি মটৰ গেছ, চেৰেকী গেছ, ডাঙৰ ফুলজাৰি, সৰু ফুলজাৰি, ডাঙৰ মটা, সৰু মটা, আচমান গোলা আদিকে ধৰি বিভিন্ন আকর্ষণীয় আতচবাজী প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে ৷

দীপাৱলীৰ বাবে সাজু বৰপেটাৰ আতচবাজী শিল্পী

এই সকল শিল্পীয়ে প্ৰায় এমাহ মানৰ পূৰ্বৰে পৰাই তেওঁলোকৰ কাৰখানাত নানা ধৰণৰ সামগ্ৰী প্ৰস্তুত কৰিছে ৷ তাৰোপৰি চাহিদা অনুযায়ী ৰাজ্যখনৰ বিভিন্ন প্ৰান্তলৈ প্ৰেৰণৰ বাবে ইতিমধ্যে সাজু হৈ উঠিছে এইসকল থলুৱা শিল্পী ৷ উল্লেখ্য যে, ক'ভিড পৰিস্থিতিৰ বাবে বিগত দুটাকৈ বছৰে দীপাৱলী পালনৰ ক্ষেত্ৰত জাৰি কৰা চৰকাৰী নিৰ্দেশনাৰ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে বৰপেটাৰ আটচবাজী শিল্পীসকল ৷ বিশেষকৈ আটচবাজী ব্যৱহাৰৰ ক্ষেত্ৰত জাৰি কৰা নিষেধাজ্ঞাৰ ফলত বৰপেটাৰ থলুৱা আটচবাজী শিল্পীসকলে ভীষণ ক্ষতিৰ সন্মুখীন হৈছে ৷

অৱশ্যে এইবেলি দীপাৱলী পালনৰ ক্ষেত্ৰত চৰকাৰী নিষেধাজ্ঞা নাথাকিব বুলিয়েই আশা কৰিছে আটচবাজী শিল্পীসকলে ৷ বিশেষকৈ সোমবাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা বক্তব্যই আশাৰ বতৰা কঢ়িয়াই আনিছে শিল্পীসকললৈ ৷ উল্লেখযোগ্য যে, শিৱকাশী, কলকাতা আদিত প্ৰস্তুত কৰা আতচবাজীতকৈ বৰপেটাত থলুৱাভাৱে প্ৰস্তুত কৰা আতচবাজী সমূহত শব্দৰ প্ৰাৱল্যতকৈ পোহৰৰ কাৰিকৰী চমকত যথেষ্ট গুৰুত্ব দি আহিছে এই সকল শিল্পীয়ে৷ যাৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন উৎসৱ-পাৰ্বণত বৰপেটাৰ থলুৱা আতচবাজীয়ে লাভ কৰি আহিছে সমাদৰ ৷

অৱশ্যে অসমৰ চুকে-কোণে সমাদৰ লাভৰ লগতে প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা বৰপেটাৰ থলুৱা আতচবাজী উদ্যোগটোৰ বাবে সদায়েই প্ৰত্যাহ্বান হৈ আহিছে বহিঃৰাজ্যৰ পৰা অহা নিম্নমানৰ আতচবাজী আৰু চীনত নিৰ্মিত নানান ধৰণৰ ৰং-বিৰঙৰ লাইটে৷ বৰপেটাৰ থলুৱা আটচবাজী শিল্পীসকলৰ আশা গুৱাহাটীৰ বজাৰখন মুকলি কৰি দিলেই অন্ততঃ কিছুপৰিমাণে উপকৃত হব পাৰিব আটচবাজী শিল্পীসকলৰ পৰিয়াল ৷

সত্ৰনগৰী বৰপেটাৰ ঐতিহ্যপূৰ্ণ থলুৱা শিল্পটো বচাই ৰখাৰ বাবে অশেষ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছে শিল্পটোৰ সৈতে জড়িত পৰিয়াল সমূহে ৷ ১৮৮৫ চনত বৰপেটাৰ পাঠক বংশৰ লক্ষী পাঠকে আৰম্ভ কৰিছিল এই আতচবাজী শিল্পটো৷ বৰ্তমান বিভিন্ন সমস্যা আৰু প্ৰতিকূলতাক নেওচি বৰপেটাৰ পাঠক বংশৰ নৱ প্ৰজন্ম ব্ৰতী হৈ আছে এই শিল্পটোক জীয়াই ৰখাৰ চেষ্টাত ৷

লগতে পঢ়ক : মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সতৰ্ক হোৱাৰ নিৰ্দেশ নিৰ্বাচন আয়োগৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.